কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা

dainik janambhumi November 15, 2025

ডিজিটেল ডেস্ক : বিহাৰৰ লোকসংগীতৰ জনপ্রিয় শিল্পীৰ পৰা ৰাজনীতিক হিচাপে আত্মপ্রকাশ কৰা মৈথিলী ঠাকুৰে তেওঁৰ প্ৰথমটো নির্বাচনতে জয়ৰ মুখ দেখিবলৈ সক্ষম হয়। ২৫ বছৰীয়া মৈথিলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী আৰ জে ডিৰ হেভিৱেইট প্রার্থী বিনোদ মিশ্রক ১১,৭৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। 

নির্বাচনত জয়ী হোৱাৰ পাছতে মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কনিষ্ঠতম বিধায়িকা হিচাপে পৰিগণিত হ'ল। মৈথিলীৰ যোৱা জুন মাহত ২৫ বছৰ বয়স সম্পূর্ণ হৈছিল। বিধানসভাৰ নিৰ্বাচনৰ কেইদিনমান পূর্বেহে মৈথিলীয়ে বিজেপিত যোগ দিছিল। 

আনহাতে, লক্ষণীয়ভাৱে দাৰভাংগা জিলাৰ আলীগড় আসনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে জয়লাভ কৰিলে। জয়লাভ কৰিয়েই মৈথিলীয়ে কয় যে তেওঁ আলীগড়ৰ নাম সলনি কৰাৰ প্ৰচেষ্টা চলাব। যুৱ শিল্পীগৰাকীৰ এই অভূতপূর্ব বিজয়ত প্রধানমন্ত্রী মোদীয়েও তেওঁক অভিনন্দন জনায়।

Share This