ডিজিটেল ডেস্ক : পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ বিভিন্ন জিলাত বিদ্রোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন ফ্রন্টে (বি এল এফ) চৰকাৰী আৰু সামৰিক অনুষ্ঠানসমূহক লক্ষ্য কৰি মঙলবাৰৰ নিশাৰ পৰা আক্ৰমণ চলায়। পাকিস্তানী শাসন যন্ত্রৰ বিৰুদ্ধে 'অপাৰেশ্যন বাম (প্রভাত)' নাম দি বিদ্রোহী সংগঠনটোরে চলোৱা এই ভয়ংকৰ আক্রমণসমূহ দশকজোৰা চলাই থকা সংগ্রামখনৰ আটাইতকৈ বৃহত্তম হিচাপে পৰিগণিত হৈছে। সমগ্র বেলুচিস্তানৰ বিশেষকৈ পাঞ্জগুৰ, চুৰাব, কেছ আৰু খাৰাছত কমেও ১৭টা আক্রমণ এতিয়ালৈকে সংঘটিত কৰিছে বি এল এফ বিদ্রোহী সংগঠনে।
বিদ্রোহী সংগঠনটোৱে পাকিস্তান চৰকাৰৰ বিভিন্ন প্রশাসনিক আন্তঃগাঁথনি আৰু পাক সেনাৰ নিৰীক্ষণ চকী ধ্বংস কৰিছে। পাকিস্তানী কর্তৃপক্ষই এতিয়ালৈকে আন্তঃগাঁথনিসমূহৰ ক্ষতিৰ বিষয়ে সঠিককৈ ঠাৱৰ কৰিব পৰা নাই যদিও স্থানীয় সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি, বিদ্রোহী সংগঠনটোৰ আক্ৰমণত পাকিস্তানৰ দক্ষিণ পশ্চিমৰ প্রদেশখনত ব্যাপক ক্ষয়-ক্ষতি হৈছে আৰু যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে। বি এল এফৰ মুখপাত্র মেজৰ গাৱাহবাম বেলুচে বিদ্রোহী সংগঠনটোৰ এই সামৰিক অভিযানটোৰ বিষয়ত বর্ণনা দি কয় যে এই অভিযানটো হৈছে 'বেলুচ ৰাষ্ট্ৰীয় মুক্তি যুদ্ধৰ বাবে এয়া হৈছে এটা নতুন প্রভাত।'
মুখপাত্রজনে কয় যে বি এল এফৰ এই সামৰিক অভিযান মাকবান উপকূলীয় অঞ্চলৰ পৰা কুহ-এ-চুলেমান পর্বতলৈকে চলোৱা হৈছে আৰু বিদ্রোহী গোটটোৱে ইয়াৰ সামৰিক শক্তি বিস্তাৰ কৰাৰ অভিযান বর্তমানলৈকে চলায়েই আছে বুলি মুখপাত্রজনে কয়। মুখপাত্রজনে কয় যে এই অপাৰেশ্যন 'বাম'ৰ জৰিয়তে বেলুচ যুঁজাৰুসকলে যে ব্যাপক পৰিসৰত সংঘবদ্ধভাৱে এটা বিশাল ভৌগোলিক অঞ্চলত অভিযান চলাব পাৰে সেয়া প্রমাণিত হৈছে। পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ স্বাৰ্থত আৰু বেলুচ সম্পদৰ শোষণ, পাক সেনাৰ আতিশয্য আদিৰ পৰা মুক্তিৰ উদ্দেশ্যে বি এল এফে এই বৃহৎ সামৰিক অভিযান চলাইছে বুলি মুখপাত্রজনে মন্তব্য কৰে।