ডিজিটেল ডেস্কঃ স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো মাজুলীৰ পঁয়া লগা যাতায়াত ব্যৱস্থাৰ মাজুলীত কোনো পৰিৱৰ্তন নহ'ল। আজি ৭৭ বছৰে মাজুলীত নোহোৱা উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মাত্র ৭টা বছৰতে সম্ভৱ হৈছে বুলি মাজুলীৰ বিধায়ক, পূৰ্বৰ স্থানীয় সাংসদৰ মুখত উচ্চাৰিত হয় যদিও মাজুলীৰ ভকত চাপৰিৰ ৰাইজে সন্মুখীন হোৱা কিছু পৰিস্থিতিয়ে উন্নয়নৰ সম্পূৰ্ণ এক ওলোটা দৃশ্যহে দেখা পোৱা যায়।
কেতিয়াবা যদি মাজুলীত জৰাজীৰ্ণ দলঙৰ বাবে চাৰিচকীয়া গাড়ী নিব নোৱাৰি কান্ধত ৰোগী নিবলগীয়া হৈছে, কেতিয়াবা আকৌ ট্ৰেক্টৰত চিকিৎসালয়লৈ ৰোগী আনিব লগীয়া হৈছে। কিন্তু শেহতীয়াকৈ কালি ভকত চাপৰিৰ পদুমণি গাঁৱৰ এগৰাকী ৰোগীক ভগা দলঙত এম্বুলেঞ্চ পাৰ নোহোৱাত কোলাত লৈ অনা দেখা গ'ল। এই মর্মান্তিক ঘটনাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে।
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভকত চাপৰিত পকী দলং নিৰ্মাণৰ নিশ্চিত সিদ্ধান্ত গ্রহণ নকৰিলে সমগ্র অঞ্চলটোৰ ৰাইজে ভোট বর্জন কৰিব বুলিও হুংকাৰ দিছে।