ডিজিটেল ডেস্ক: ৰাজ্যৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ তথা নদীদ্বীপ মাজুলীয়ে হেৰুৱালে এগৰাকী প্ৰকৃত কৰ্মবীৰক। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মাজুলীৰ বিশিষ্ট ব্যৱসায়ী তথা উদ্যোগী ইন্দুকল্প ভড়ালীয়ে ১৬ অক্টোবৰৰ নিশা শেষ নিঃশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। তেওঁৰ এই আকস্মিক বিয়োগত সমগ্ৰ মাজুলী জিলাতে গভীৰ শোকৰ ছাঁ পৰিছে।
ইন্দুকল্প ভড়ালী কেৱল এজন ব্যৱসায়ীয়েই নাছিল, তেওঁ আছিল মাজুলীৰ উদ্যোগিক খণ্ডৰ এগৰাকী সঁচা পথপ্ৰদৰ্শক। স্থানীয় কেঁচামাল আৰু সম্পদৰ সঠিক ব্যৱহাৰেৰে তেওঁ বহুতো অভিনৱ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি মাজুলীৰ নাম দেশৰ লগতে বিদেশলৈও কঢ়িয়াই লৈ গৈছিল।
তেওঁ অসমৰ থলুৱা ভীম কলৰ পৰা শিশু উপযোগী পুষ্টিকৰ খাদ্য ‘ভীমভিটা’ প্ৰস্তুত কৰি এক বিপ্লৱ আনিছিল। এই স্বাস্থ্যসন্মত খাদ্যই কেৱল ৰাজ্যতে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
ভীমভিটাৰ সফলতাৰ পিছত তেওঁ ‘লুইত মাজুলী’ নামৰ শুদ্ধ মিঠাতেল ব্ৰেণ্ড প্ৰস্তুত কৰি গ্ৰাহকৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাসমূহে স্থানীয় যুৱক-যুৱতীসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো অনুপ্ৰাণিত কৰিছিল।
ব্যৱসায়িক সফলতাৰ উপৰিও মাজুলীৰ আৰ্থ-সামাজিক আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে তেওঁ আজীৱন কাম কৰি গৈছিল। মাজুলীৰ পৰ্যটনস্থলীসমূহক বহিঃৰাজ্য আৰু বিদেশৰ পৰ্যটকৰ মাজলৈ চিনাকি কৰোৱাত তেওঁৰ ভূমিকা আছিল অগ্ৰণী। ‘নিৰিবিলি হোমষ্টে’ৰো স্বত্বাধিকাৰী আছিল ইন্দুকল্প ভড়ালী।
ইন্দুকল্প ভড়ালীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজুলীৰ বিভিন্ন সামাজিক অনুষ্ঠান, ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, ভড়ালীৰ মৃত্যু মাজুলীৰ উদ্যোগিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি, যি সহজে পূৰণ নহ’ব।
উৎস : প্ৰাগ নিউজ ডিজিটেল