উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা 'দেৱী'ৰ উন্মোচন

Rashmi October 17, 2026

ডিজিটেল ডেস্ক : গুৱাহাটীৰ এখন পুৰণি দুৰ্গা পূজা উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ ৭৯ সংখ্যক দুৰ্গা পূজা উদযাপন উপলক্ষত প্ৰকাশিত স্মৰণিকা 'দেৱী'ৰ আজি শুভ উন্মোচন কৰা হয়। উলুবাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি, প্ৰাক্তন সাংসদ কুইন ওজা আৰু সম্পাদক নন্দেশ্বৰ ডেকাৰ পৰিচালনাত উলুবাৰী মহাদেৱ মন্দিৰৰ পূজা মণ্ডপত অনুষ্ঠিত সভাত দীপক বৰ্মন সম্পাদিত  স্মৰণিকা 'দেৱী' উন্মোচন কৰে আধ্যাত্মিক আৰু বৈদিক শাস্ত্ৰৰ গৱেষক, কেইবাখনো ধৰ্মীয় গ্ৰন্থৰ ৰচয়িতা জুলা শৰ্মাই । 

উন্মোচক জুলা শৰ্মাক এখনি ফুলাম গামোচাৰে আদৰণি জনায় স্মৰণিকা সমিতিৰ সভাপতি কমলজিৎ কলিতাই। উন্মোচনী ভাষণত শ্ৰীযুতা শৰ্মাই সমাজত আধ্যাত্মিকতাৰ প্ৰয়োজন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে দেৱীৰ শক্তি আৰু মাহাত্ম্যৰ বিষয়েও চমুকৈ কয়। সভাত স্মৰণিকা সমিতিৰ পাপৰি ৰায় মেধি বৰ্মন, বিনীতা দত্ত চৌধুৰী, পূজা পৰিচালনা সমিতিৰ অৰূপজ্যোতি চৌধুৰী, ভৃগুমণি কলিতা, বিপ্লৱ কলিতা, মৃদুল তালুকদাৰ, কৈলাশ দাস, কমলেন্দ্ৰ ভৰালী, প্ৰকাশ বৰ্মন প্ৰমুখ্যে বহুতো ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। 

সভাখনৰ আঁত ধৰে স্মৰণিকাৰ সম্পাদক দীপক বৰ্মনে। পূজা সমিতিৰ সভাপতি কুইন ওজাই এইবেলিও সকলোৰে সহযোগিতাত পূজাখন সুকলমে সমাপন হ'ব বুলি আশা প্ৰকাশ কৰে।

Share This