পানীত নামি প্রতিবাদ স্থানীয় মহিলাৰ অব্যৱহৃত হৈ পৰি আছে পার্কিউপাইন, জি 'অবেগ, সোৱণশিৰিৰ খহনীয়াত বিপর্যস্ত মলয়া চাপৰি

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক : ২০০১ চনৰ পৰাই সোৱণশিৰি নদীৰ খহনীয়াই এফালৰ পৰা খেতি পথাৰ গিলি নিঠৰুৱা কৰা মলয়া চাপৰি অঞ্চলটোৰ জনসাধাৰণৰে বিহপুৰীয়া সমষ্টিৰ চৰ-চাপৰিত খেতিপথাৰ কৰি পৰিয়াল পোহপাল দিয়াৰ পাছত এতিয়া অঞ্চলটোত জনসাধাৰণৰ ঘৰ-দুৱাৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও মাজুলীৰ বিধায়কে সংবাদমেলত মাজুলীত খহনীয়া হোৱা নাই বুলি মন্তব্য কৰি সংবাদ মাধ্যমক মিছা বাতৰি নকৰিবলৈ আহ্বান জনোৱা বিষয়টোত গৰজি উঠিল অঞ্চলটোৰ মহিলাসকল। 

অঞ্চলটোৰ মহিলাসকল ওলাই আহি নদীৰ পানীত নামি 'জলসম্পদ মন্ত্রী মুর্দাবাদ', 'জলসম্পদ বিভাগ মুর্দাবাদ', 'ভুৱন গাম হুঁচিয়াৰ', 'খহনীয়া প্ৰতিৰোধ লাগিবই' শ্ল'গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰিলে সোৱণশিৰি নদীৰ বুকুত। নামনি মাজুলীৰ মলয়া চাপৰিত সোৱণশিৰি নদীয়ে সৃষ্টি কৰিছে ভয়ংকৰ খহনীয়া। দহখনতকৈও অধিক গাঁৱৰ জন-জীৱনৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকিৰ। আজি পানীত নামি জলসম্পদ বিভাগ আৰু বিধায়ক ভুৱন গামৰ বিৰুদ্ধে প্রতিবাদ কৰে খহনীয়াগ্ৰস্ত ৰাইজে। 

খৰ্গহস্ত ৰাইজে অভিযোগ উত্থাপন কৰিছে মলয়া চাপৰিৰ বিভিন্ন ঠাইত দ'মাই থোৱা আছে পার্কিউপাইন আৰু জি'অবেগ। কিন্তু খহনীয়া অঞ্চলত আঁচনি ৰূপায়ণ কৰা নাই। এনে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ নিবিচাৰি বিধায়কজনে নৈপৰীয়া ৰাইজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া কার্য অতি নিন্দনীয় আৰু এই পৰিস্থিতিৰ সমাধান কৰিবলৈ দাবী জনাইছে। ইফালে মাজুলীত খহনীয়াৰ তাণ্ডৱ, গৃহহীন হৈছে এটাৰ পাছত আনটো পৰিয়াল, দৈনিক ব্রহ্মপুত্রত জাহ গৈছে বিঘাই বিঘাই ভূমি। বিপদৰ সময়ত মৌনতা অৱলম্বন কৰিছে মাজুলীৰ অভিভাৱক তথা জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁয়ে। বাৰিষা আৰম্ভৰ লগে লগে সমগ্র মাজুলীজুৰি খহনীয়াই তীব্র আতংকৰ সৃষ্টি কৰিছে। 

উজনিৰ শালমৰাৰ পৰা নামনিৰ আঁহতগুৰিলৈকে ব্রহ্মপুত্রই তাণ্ডৱ চলাইছে। ভকত চাপৰি, পদুমণি, মহৰিচুক, ভালুকমৰা, মালাপিন্ধা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ আগ্রাসনত বিগত সময়ছোৱাত পৈতৃক ভেটি হেৰুৱাইছে বহুতো পৰিয়ালে। বহুতৰ খেতি-মাটি এতিয়া নদীৰ মাজত, নামনি মাজুলী মহাবিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠানলৈ খহনীয়াৰ তীব্ৰ ভাবুকি আহিছে। এই বিপদৰ সময়ত মাজুলীবাসীয়ে মাজুলীৰ অভিভাৱক মন্ত্রী তথা জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁইৰ তৎকালীন মাজুলী ভ্রমণ আৰু খহনীয়া পীড়িত অঞ্চলসমূহত উপস্থিত হৈ জলসম্পদ বিভাগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ ক্ষিপ্ৰ ব্যৱস্থা কৰিব বুলি আশা কৰিছিল যদিও মাজুলীৰ অভিভাৱক মন্ত্ৰীজনৰ এই সংকটৰ সময়ত মৌনতাই মাজুলীবাসীক হতাশ কৰিছে। মাজুলীৰ দৰে বানপানী আৰু খহনীয়াপ্ৰৱণ জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে জলসম্পদ মন্ত্ৰীগৰাকীকে মুখ্যমন্ত্রীয়ে দায়িত্ব অর্পণ কৰাত মাজুলীবাসীয়ে সন্তুষ্টি প্রকাশ কৰিছিল আৰু আশা কৰিছিল অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে দৃঢ় পদক্ষেপ গ্রহণ কৰি মাজুলীৰ বানপানী আৰু খহনীয়া সমস্যা এশ শতাংশ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব। কিন্তু মন্ত্রীজনে দায়িত্ব লোৱাৰ পাছৰপৰা তাৰ এক বিপৰীত ছবিহে মাজুলীবাসীয়ে প্রত্যক্ষ কৰিছে। 

মন্ত্ৰীজনে খহনীয়াৰ খবৰ লোৱাটো বাদেই, অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি সৌজন্যমূলক ভ্রমণো কৰা নাই মাজুলীত। ইমান এটা সমস্যাবহুল সমষ্টিৰ অভিভাৱক মন্ত্ৰী হৈ দায়িত্ব লাভৰ প্ৰায় এমাহ ওচৰ চপাৰ সময়তো মাজুলীত উপস্থিত নোহোৱাটোৱে সমষ্টিটো উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি তেওঁৰ অনীহাকে প্ৰকাশ কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে। তদুপৰি বৰ্তমান নামনি মাজুলীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ আৰু ব্ৰহ্মপুত্র ব'র্ডক হাতে-কামে প্রতিৰোধৰ কামত লগোৱাৰ লগতে মাজুলীৰ সাম্প্ৰতিক পৰিস্থিতি মুখ্যমন্ত্ৰীক অবগত কৰিব লাগিছিল যদিও তাৰ বিপৰীতে মন্ত্ৰীজনে মাজুলীৰ সমস্যালৈ পিঠি দিছে বুলি ৰাইজে অভিযোগ কৰিছে। অভিভাৱক মন্ত্ৰীৰ এনে আচৰণত মাজুলীবাসী ক্ষুব্ধ হৈ পৰিছে আৰু তৎকালীনভাৱে মাজুলীলৈ আহি খহনীয়াস্থলী পৰিদৰ্শনৰ লগতে বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।

Share This