'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টাক পৰাগজ্যোতি প্রকাশনৰ সম্ভাষণ, ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস 'ককাদেউতাৰ চাংঘৰ'

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক ‌: গুৱাহাটীত অসম সাহিত্য সভাৰ ভূতপূর্ব সভাপতি, পদ্মশ্রী প্রাপক, প্রথিতযশা সাহিত্যিক ৰংবং তেৰাঙক কালি 'পৰাগজ্যোতি প্রকাশন' আৰু সাহিত্য আলোচনী 'নৱনিধি'ৰ তৰফৰ পৰা সম্ভাষণ জনায়। 

প্রকাশনৰ সচিব, কবি-সাংবাদিক দীপক শর্মাই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ আন এগৰাকী প্রাক্তন সভাপতি, পদ্মশ্রী প্রাপক ড° সূর্যকান্ত হাজৰিকাই অংশ লৈ কয়- 'সমন্বয়-সংহতিৰ ধ্বজাবাহক ৰংবং তেৰাং। আজীৱন সাহিত্যৰ সাধক। সংস্কৃতিৰ ধ্বজাবাহক। তেৰাঙৰ কাপৰ পৰা ভালেমান অসমীয়া সাহিত্যলৈ অনুপম সাহিত্য সৃষ্ট হৈছে। আৰু অনেক সৃষ্ট হোৱাটো আশা কৰোঁ।' অনুষ্ঠানত অংশ লৈ দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা লেখক-গৱেষক ড° সঞ্জীৱ কুমাৰ শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী তথা কবি-সমালোচক কিশোৰ কুমাৰ জৈনে কয়, 'ৰংবং তেৰাং ছাৰৰ বাগ্মিতা অতুলনীয়। সকলোকে একেডাল সূতাৰে গাঁঠিব বিচাৰে।' সাংবাদিক-লেখক দীপক শৰ্মাই কয়- তেৰাং ছাৰৰ চিন্তাধাৰা বিশ্বজনীন। চিকিৎসাৰ বাবে ডিফুৰ পৰা গুৱাহাটীলৈ অহা ৰংবং তেৰাঙৰ সুস্বাস্থ্যৰ সৈতে দীর্ঘায়ু জীৱন কামনা কৰে সাহিত্যসেৱী দলটোৱে। 

'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা তেৰাঙে কয়, 'আজি মোৰ আপোন মানুহকেইজনক ওচৰত পাই আহ্লাদিত। এমোনা সুখ পাইছোঁ।' তেওঁ 'ককাদেউতাৰ চাংঘৰ' নামৰ এখন নতুন উপন্যাস লিখা আৰম্ভ কৰাৰ কথা দোহাৰে। নতুন প্ৰজন্মক লৈ অধিক চিন্তিত তেৰাঙে কয়, 'নতুনক সঠিক পথৰ সন্ধান জ্যেষ্ঠসকলে দিব লাগিব। নতুন প্রজন্মইহে সমাজ সুশৃংখলভাৱে নিৰ্মাণ কৰিব পাৰিব।'

Share This