ই ডিৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা, উচ্চতম ন্যায়ালয়ত আই পেক গোচৰৰ শুনানি

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ তীব্র ভর্ৎসনাৰ সন্মুখীন হ'ল পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী। আই পেকৰ কাৰ্যালয়ত আইন বলৱৎকাৰী সঞ্চালকালয় (ই ডি)ৰ তালাচীৰ সময়ত বাধা প্রদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ন্যায়ালয়ে তিৰস্কাৰ কৰে। 

ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ খণ্ড বিচাৰপীঠে ই ডিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি কয় যে আই পেকৰ বিৰুদ্ধে তদন্ত প্রক্রিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপে গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান কৰিছে। এয়া কেতিয়াও গ্রহণযোগ্য নহয়। এয়া ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ দ্বন্দ্ব নহয়। কিন্তু এগৰাকী মুখ্যমন্ত্রীয়ে কেতিয়াও এটা সংস্থাৰ তদন্ত প্ৰক্ৰিয়াৰ মাজত সোমাব নোৱাৰে। 

উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক কনছালটেন্সি ফার্ম ইণ্ডিয়ান পলিটিকেল এক্সন কমিটী (আই পেক)ৰ কাৰ্যালয়ত অবৈধ ধন সৰবৰাহৰ গোচৰত অভিযান চলাইছিল। ই ডিৰ এই অভিযানত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাধা প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল ই ডি।

Share This