ডিজিটেল ডেস্ক : পশ্চিম বংগৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি তৃণমূল কংগ্ৰেছৰ সভানেত্ৰীৰ পদৰ পৰা উৎখাত কৰা হ'ল মমতা বেনার্জীক। বিধায়ক ঋতব্রত বেনাৰ্জীৰ নেতৃত্বত থকা বিদ্রোহী বিধায়কসকলে নিজকে প্রকৃত তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে আখ্যা দি সোমবাৰে দলৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰে। এই সমিতিত মধ্য হাওৰাৰ বিধায়ক অৰূপ ৰয়ক দলৰ সভাপতি হিচাপে নির্বাচিত কৰা হয় আৰু পূৰ্বৰ সভানেত্রী মমতা বেনাৰ্জীক মুৰব্বী পদটোৰ পৰা উৎখাত কৰা হয়।
ঠিক সেইদৰে দলটোৰ দ্বিতীয় সর্বোচ্চ নেতা অভিষেক বেনাৰ্জীক দল-বিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হয়। কলকাতাত অনুষ্ঠিত দলৰ বৈঠকত টি এম চিৰ ৬০জন বিধায়কৰ লগতে কলকাতা পৌৰ নিগমৰ ৭০ জন কাউন্সিলাৰ উপস্থিত আছিল।
টি এম চিৰ মমতা বেনাৰ্জীৰ ফৈদে এদিন পূর্বে ঋতব্রত বেনাৰ্জীক দলৰ পৰা নিলম্বিত কৰাৰ পাছতে বিদ্রোহী গোটটোৱে এই সিদ্ধান্ত লয়।