৭টা 'এগজিট প'ল'ৰ ৫টাত পূর্বানুমান, পশ্চিম বংগত উফৰিব মমতাৰ চৰকাৰ!

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক: পশ্চিম বংগ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পাছত নির্বাচন আয়োগে ৰাজনৈতিক সমীক্ষা প্রকাশ নকৰিবলৈ বান্ধি দিয়া সময় ২৯ এপ্ৰিলৰ ৬-৩০ বজা উকলি যোৱাৰ পাছত কালি সন্ধিয়া ৫খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ বিভিন্ন এগজিট প'ল প্রকাশ পায়। 

উল্লেখযোগ্য যে অসম, কেৰালা আৰু পুডুচেৰীত ৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল। তামিলনাডুত নির্বাচন অনুষ্ঠিত হৈছিল ২৩ এপ্রিলত। ইফালে পশ্চিম বংগত দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত হয় ক্রমে ২৩ আৰু ২৯ এপ্রিলত। এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা ৪ মে'ত। কিন্তু তাৰ আগতে কালি সম্ভাব্য ফলাফলৰ বিষয়ে বিভিন্ন সংস্থা-প্রতিষ্ঠানৰ এগজিট প'লসমূহ প্রকাশ পায়। এই প'লসমূহৰ সামগ্রিক অনুমান অনুসৰি পশ্চিম বংগ আৰু কেৰালাত বৰ্তমানৰ শাসক দলে বিদায় ল'ব আৰু বিৰোধীয়ে ক্ষমতা দখল কৰিব। সেই অনুসৰি পশ্চিম বংগত বিজেপি আৰু কেৰালাত ১০ বছৰৰ পাছত কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফে চৰকাৰ গঠন কৰিব। 

ইফালে তামিলনাডুত শাসক ডি এম কে তৃত্বাধীন মৰ্চা আৰু পুডুচেৰীত এন ডি এৰ শাসন অব্যাহত থাকিব।

Share This