ডিজিটেল ডেস্ক : পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জী। ইতিমধ্যে ২৮ জানুৱাৰীত বেনাৰ্জীয়ে ভাৰতৰ নির্বাচন আয়োগ আৰু পশ্চিম বংগৰ মুখ্য নির্বাচন বিষয়াৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। বেনাৰ্জীয়ে অভিযোগ কৰিছে যে ৰাজ্যখনত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত স্বেচ্ছাচাৰীভাৱে ভোটাৰ তালিকাৰ সংশোধন কৰিব বিচৰা হৈছে আৰু তালিকাৰ পৰা বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তন কৰাই এছ আই আৰৰ লক্ষ্য বুলিও তেওঁ কয়।
ইফালে, সোমবাৰে মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ একাংশ সাংসদ, জ্যেষ্ঠ নেতা আৰু এছ আই আৰৰ ফলত ক্ষতিগ্রস্ত পৰিয়ালক লগত লৈ নতুন দিল্লীত উপস্থিত হয়। তেওঁ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰে। এছ আই আৰ প্ৰক্ৰিয়াত যিসকলক ভুলকৈ মৃত বুলি দেখুওৱা হৈছে আৰু এছ আই আৰ প্রক্রিয়াত নাম কর্তন হোৱাত ভীতিগ্রস্ত হৈ মৃত্যু হোৱাসকলৰ পৰিয়ালৰ সদস্যসকলকো বেনার্জীয়ে মুখ্য নির্বাচন আয়ুক্তৰ সম্মুখলৈ লৈ যায়।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী মুখ্য নির্বাচন আয়ুক্তসহ তিনিওজন আয়ুক্তকে কয় যে যদি ৰাজ্যখনৰ পৰা এছ আই আৰ বাতিল কৰা নহয় তেন্তে বংগৰ পৰা লাখ লাখ লোকক আনি দিল্লীত নির্বাচন আয়োগৰ সম্মুখত প্রতিবাদী সমদল বাহিৰ কৰিব। তেওঁ মুখ্য নির্বাচন আয়ুক্তক মেজত ঢকিয়াই এছ আই আৰ বাতিলৰ দাবী জনোৱা বুলিও সূত্ৰত প্রকাশ।