মমতাই কাঢ়ি নিলে সেউজীয়া ফাইল

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে কলকাতাত এক অতি নাটকীয় দৃশ্যই দেশজুৰি দৃষ্টি আকর্ষণ কৰে। বৃহস্পতিবাৰে আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কৌশল ৰচকৰ বাসভৱন তথা ৰাজনৈতিক পৰামৰ্শদাতা কোম্পানী আই-পেকৰ কার্যালয়ত তালাচী চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। 

পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ই ডিৰ তালাচীৰ মাজতে উক্ত স্থানলৈ যায় আৰু কেইবাটাও ফাইল হাত লৈ উভতি আহে। এই অভূতপূর্ব ঘটনাই ব্যাপক বিতৰ্কৰো সৃষ্টি কৰে তথা মাজত কেইমাহমান পাছতে নির্বাচন অনুষ্ঠিত হ'ব লগীয়া ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম কৰি, মমতা চৰকাৰ আৰু বিজেপিৰ মাজৰ তর্কাতৰ্কিৰ বিষয় হৈ পৰে। বৃহস্পতিবাৰে পুৱাৰে পৰা ই ডিয়ে একে সময়তে প্রশান্ত কিশোৰে স্থাপন কৰা আই-পেক (ইণ্ডিয়ান পলিটিকেল একশ্যন কমিটী)ৰ দুটা স্থানত তালাচী চলায়। আই-পেকৰ মুৰব্বী প্রতীক জৈনৰ লাইডন ষ্ট্ৰীটত (মধ্য কলকাতা) থকা বাসভৱন আৰু কোম্পানীটোৰ ছল্ট লেকত থকা কার্যালয়ত ই ডিয়ে তালাচী চলায়। 

উল্লেখযোগ্য যে আই-পেক তৃণমূল কংগ্ৰেছৰ সৈতে কেইবাবছৰ জুৰি জড়িত। ২০১৯ চনৰ সাধাৰণ নির্বাচন আৰু ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত তৃণমূলৰ আধিপত্যত আই-পেকে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। আগতে প্রশান্ত কিশোৰে তৃণমূলৰ নিৰ্বাচনী কৌশল ৰচনা কৰিছিল। কিন্তু বিহাৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ কিশোৰ আঁতৰি যোৱাৰ পাছত জৈনে কোম্পানীটোৰ নেতৃত্ব গ্ৰহণ কৰে। জৈনৰ বাসভবনত তালাচী চলি থাকোঁতেই প্রথমে উক্ত স্থানত উপস্থিত হয় কলকাতা আৰক্ষীৰ মুৰব্বী বিনীত গোৱেল। তাৰ কিছু সময়ৰ পাছতে উপস্থিত হয় মমতা বেনার্জী। কেইমিনিটমানৰ পাছতে বেনার্জীয়ে হাতত এটা সেউজীয়া ৰঙৰ ফাইল লৈ তালাচী স্থানৰ পৰা বাহিৰলৈ আহে। তাৰ পাছতে বেনার্জী তালাচী চলি থকা আই-পেকৰ ছল্ট লেকৰ কাৰ্যালয়লৈ যায়।

Share This