এছ আই আৰৰ বিৰুদ্ধে আজি আদালতলৈ যাব মমতা

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সোমবাৰে কয় যে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)ৰ 'অমানবীয়' পৰিচালনাৰ বিৰুদ্ধে তেওঁ আদালতৰ কাষ চাপিব। দক্ষিণ ২৪ পরগনা জিলাৰ সাগৰ দ্বীপত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে উক্ত এছ আই আৰ অনুশীলনৰ সৈতে জড়িত ভয়, হাৰাশাক্তি আৰু প্রশাসনিক স্বেচ্ছাচাৰিতাই বহু লোকৰ মৃত্যু ঘটাইছে আৰু বহু লোক চিকিৎসালয়ত ভর্তি হ'বলগীয়া হৈছে। 

তেওঁ কয়, 'আমি অমানৱীয় ব্যৱহাৰ আৰু এছ আই আৰৰ বাবে ইমান লোকৰ মৃত্যু হোৱা ঘটনাৰ বাবে কাইলৈ আদালতৰ দ্বাৰস্থ হ'ম। যদি মোক অনুমতি দিয়া হয়, মই উচ্চতম ন্যায়ালয়ৰো কাষ চাপিম আৰু এই অমানবীয় অনুশীলনৰ বিৰুদ্ধে এগৰাকী সাধাৰণ লোক ৰূপে আবেদন জনাম। মই এগৰাকী প্রশিক্ষিত অধিবক্তাও। অৱশ্যে মঙলবাৰে বেনাৰ্জীয়ে ব্যক্তিগতভাৱে নে ৰাজ্য চৰকাৰৰ ফালৰ পৰা নে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা এছ আই আৰৰ বিৰুদ্ধে আদালতত আবেদন জনাব সেই কথা স্পষ্ট নকৰিলে। তেওঁ অভিযোগ কৰে যে কোনো সংগত কাৰণ নথকাকৈ 'স্বেচ্ছাচাৰীভাবে' ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি, এক নিয়মীয়া প্রশাসনিক প্রক্রিয়াক বিধানসভাৰ নিৰ্বাচনৰ আগত ভয়ৰ উৎসলৈ ৰূপান্তৰিত কৰা হৈছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে মাৰাত্মকভাৱে অসুস্থ আৰু বয়সস্থ নাগৰিককো তেওঁলোক যে বৈধ ভোটাৰ সেই কথা প্রমাণ কৰিবলৈ দীঘলীয়া শাৰীত থিয় হৈ থাকিবলৈ বাধ্য কৰোৱা হৈছে। তেওঁ অভিযোগ কৰি কয়, 'তেওঁলোকে (বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ) নিৰ্বাচনৰ আগত ১০,০০০ টকা দিব আৰু নির্বাচন শেষ হ'লেই বুলড'জাৰ ব্যৱহাৰ কৰিব।'

Share This