ডিজিটেল ডেস্ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা ভূটান ৰাষ্ট্ৰৰ পানবাং চহৰত দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত 'মানাহ উইণ্টাৰ ফেষ্টিভেল'ৰ সামৰণি পৰে। অপৰূপ প্রাকৃতিক সৌন্দৰ্যৰে আৱৰা পানবাঙত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত এই ফেষ্টিভেলৰ মূল উদ্দেশ্যে ভূটানৰ পর্যটনক্ষেত্ৰৰ প্ৰসাৰ আৰু প্ৰচাৰ।
উল্লেখযোগ্য যে যোৱা ২১ ফেব্ৰুৱাৰীত ভূটানৰ ৰজা জিগমে খেছাৰ নামগালে ৱাংচুকৰ জন্মদিনৰ লগত সংগতি ৰাখি উদযাপন কৰা হৈছিল এই ফেষ্টিভেলৰ। প্লাষ্টিকৰ ব্যৱহাৰ নকৰাকৈ সম্পূর্ণ প্রাকৃতিকভাৱে ফেষ্টিভেলস্থলীত কলৰ পাত, বাঁহ-বেতেৰে নিৰ্মাণ কৰা বিভিন্ন ঘৰ আৰু বিপণীসমূহৰ যোগেদি ভূটীয়াসকলৰ পূর্বপুৰুষসকলে ৩৫-৪০ বছৰ পূৰ্বে কেনেদৰে প্রাকৃতিক পৰিৱেশত প্ৰকৃতিৰ উপাদানেৰে জীৱন নিৰ্বাহ কৰিছিল তাকে দেখুৱাবলৈ প্রয়াস কৰা হয় এই ফেষ্টিভেলৰ জৰিয়তে।
আনহাতে, এই ফেষ্টিভেলত ভূটানৰ পৰম্পৰাগত খাদ্য, গীত-মাত, সংস্কৃতি আদি প্ৰদৰ্শন কৰা হয়। বিক্ৰীৰ বাবে উলিওৱা হয় বিভিন্ন থলুৱা খাদ্য, স্থানীয়ভাৱে উৎপাদন কৰা বিভিন্ন পানীয়, শাক-পাচলি। এই ফেষ্টিভেলৰ জৰিয়তে ভাৰত-ভূটানৰ বন্ধুত্বপূর্ণ সম্পর্কও অটুট ৰখাত সহায়ক হ'ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰে। ভূটান-ইণ্ডিয়া ফ্রেইণ্ডশ্বিপ এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত ফেষ্টিভেলৰ দুয়োটা দিনতে স্থানীয় লোকৰ উপৰি ভাৰতৰ বহুতো পর্যটকে অংশগ্রহণ কৰে।
ফেষ্টিভেলত ৰয়েল মানাহ নেশ্যনেল পাৰ্কৰ বন বিভাগে ৰয়েল মানাহ নেশ্যনেল পার্কত পোৱা আৰু ইতিমধ্যে কেমেৰাত আবদ্ধ কৰা বিভিন্ন বন্যপ্ৰাণীৰ আলোকচিত্র, বিভিন্ন প্রজাতিৰ চৰাই, সাপ, বাঘৰ খোজ আদিও প্ৰদৰ্শন কৰে।