মঙলদৈত পৰকীয়া প্ৰেমৰ বাবে বিহপান কৰি মহিলাৰ আত্মহত্যা

Kakali Deka May 28, 2025

ডিজিটেল ডেস্কঃ সমাজত পৰকীয়া প্ৰেমে মহামাৰী ৰূপ লৈছে। নিতৌ ঘটিছে এটাৰ পিছত আন এটা ঘটনা। মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। মঙলদৈত বিবাহিতা মহিলা এগৰাকীয়ে প্ৰেমিকে দিয়া বিহ পান কৰি আত্মহত্যা কৰিছে। বৰআঠিয়াবাৰী গাঁৱৰ ছবি ৰাণী ডেকা নামৰ মহিলাগৰাকীৰ আত্মহনন। একে গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এগৰাকী যুৱকৰ সৈতে পৰকীয়া সম্পৰ্ক আছিল ছবি ৰাণী নামৰ মহিলাগৰাকীৰ।

প্ৰেমিকে আনি দিয়া বিহ খাই মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ স্বামী চিন্ময় কলিতাৰ। আচলতে স্বামী চিন্ময়ক হত্যা কৰিবলৈ বিহখিনি প্ৰেমিক সীমান্ত চহৰীয়াই প্ৰেমিকা ছবি ৰাণীক আনি দিছিল বুলি অভিযোগ আনে স্বামী চিন্ময় কলিতাই।

পিছত স্বামীক বিহ দিয়াৰ বিপৰীতে নিজেই বিহ‌ পান কৰি মৃত্যুক সাবটি লয় ছবি ৰাণীয়ে। তিনি বছৰীয়া কন্যা সন্তান এটিক কাষতে বহুৱাই বিহ পান কৰি মৃত্যুক আঁকোৱালি লোৱাৰ পিছত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলত।

ঘটনা অনুসৰি মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰআঠিয়াবাৰী গাঁৱৰ চিন্ময় কলিতা নামৰ এগৰাকী যুৱকৰ সৈতে যোৱা চাৰি বছৰ পূৰ্বে বিয়াত বহিছিল কলাইগাঁৱৰ যুৱতী ছবি ৰাণী ডেকা। তিনি বছৰীয়া এটি কণমানি কন্যা সন্তানৰ সৈতে সংসাৰ ধুনীয়াকৈ চলি থকাৰ মাজতে একে গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এজন যুৱকৰ সৈতে গঢ় লৈ উঠে অবৈধ প্ৰেমৰ সম্পৰ্ক।

এই সম্পৰ্কৰ বিষয়ে লাহে লাহে স্বামী চিন্ময়ে জনাৰ পিছৰ পৰা আৰম্ভ হয় মনোমালিন্য। প্ৰেমিক সীমান্তই ছবি ৰাণীক দিয়া এযোৰ পায়েলক লৈ সংঘাত তীব্রতৰ হৈ পৰে। প্ৰেমিকে দিয়া পায়েলযোৰ প্ৰেমিকক স্বামীয়ে উভতাই দিবলৈ যোৱাৰ সময়তে ঘৰত সন্তানৰ সৈতে থকা ছবি ৰাণীয়ে বিহ পান কৰে। বিহ পান কৰাৰ পিছতে প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ত লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ যায়। কিন্তু GMCHত মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে।

বিহখিনি মহিলাগৰাকীক প্ৰেমিক সীমান্তই স্বামী চিন্ময়ক খুৱাবলৈ দিছিল বুলি মৃত্যুৰ পূৰ্বে ভিডিঅ' যোগে স্বীকাৰ কৰে ছবি ৰাণীয়ে। লগতে প্ৰেমিকে স্বামীক কিছু অন্তৰংগ মুহূৰ্তৰ ফটোও প্ৰদান কৰাৰ অভিযোগ দিয়ে মহিলাগৰাকীয়ে। এতিয়া সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত চলাই আছে।

Share This