মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ চেম্পিয়ন 

dainik janambhumi June 25, 2025

ডিজিটেল ডেস্ক : মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে ফেডাৰেল বেংক ৫৯সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। যোৰহাট জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত নৈশালোকত উপচি পৰা ক্রীড়ামোদীৰ উপস্থিতিত মঙলবাৰে অনুষ্ঠিত ফাইনেলত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে যোৰহাট টাউন ক্লাবক ৩-১ ৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। খেলৰ ৮মিনিটতে মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে ১-০ অগ্রগতি লাভ কৰে। 

মণিপুৰৰ নিৰ্ভৰযোগ্য ষ্ট্ৰাইকাৰ ১০ নম্বৰ জাৰ্চি পৰিহিত চেলিয়েনঠাঙে তীব্র শ্বটেৰে গ'ল দি দলক অগ্রগতি দিয়ে। ২১মিনিটত ৩ নম্বৰ জাৰ্চি পৰিহিত হাউলুঙগে সুন্দৰভাৱে আয়ত্ত কৰি গ'ল দি দলক ২-০ৰ অগ্রগতি প্ৰদান কৰে। খেলৰ ৭৩ মিনিটত টাউন ক্লাবৰ ১৯ নম্বৰ জাৰ্চি পৰিহিত কেলভিনে টাউন ক্লাবক ২-১ৰ অগ্রগতি প্রদান কৰে। 

খেলৰ ৮৫ মিনিটত মণিপুৰৰ ৩ নম্বৰ জাৰ্চি পৰিহিত হাউলুঙগে টাউন ক্লাবৰ গ'লৰক্ষক ওলাই অহাৰ সুযোগত একক প্রচেষ্টাৰে গ'ল দি দলক ৩-১গ'লত অগ্রগতি দিবলৈ সক্ষম হয়। ৰেফাৰী সুমন্ত দত্ত। লাইনত পৱন পাঠক আৰু বিমান সন্দিকৈ, চতুর্থ ৰঞ্জিত দত্ত। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মণিপুৰৰ হাউলুঙগে। প্রতিযোগিতাৰ সৰ্বোচ্চ গ'লদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মণিপুৰৰ চেলিয়েনঠাঙে।

Share This