ডিজিটেল ডেস্ক : যোৰহাট ষ্টেডিয়ামত চলি থকা ফেডাৰেল বেংক ৫৯ সংখ্যক এটি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ দেওবাৰে নৈশালোকত অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমি ফাইনেলত ফুটবল ফৰ চেইঞ্জ মণিপুৰ দলে অসম পুলিচ ফুটবল দলক ২-১ গ'লত পৰাভূত কৰি ফাইনেলত উপনীত হৈছে। খেলৰ আৰম্ভণিৰ ঠিক ৩ মিনিটত অসম পুলিচ ফুটবল দলৰ মিথিংগা দৈমাৰীয়ে আকর্ষণীয় হেডিঙেৰে গ'ল দিয়াত পুলিচ দলটোৱে ১-০ গ'লত অগ্রগতি লাভ কৰে যদিও ৩৫ মিনিটত অসম পুলিচৰ গ'লকীপাৰৰ পৰা ওলাই বল আয়ত্ত কৰি মণিপুৰৰ পাওলেননাঙে সুন্দৰ প্লেচিঙেৰে (১-১) সমতা স্থাপন কৰে।
ইয়াৰ পাছত ৪৪ মিনিটত লাভ কৰা ফ্রী কিক্ চেইলেনথাঙৰ কোৱাল শ্বটত নেট কঁপাই মণিপুৰে ২-১ গ'লৰ অগ্রগতি লাভ কৰে। দ্বিতীয়ার্ধত অসম পুলিচ ফুটবল দলৰ আক্ৰমণৰ চোক বৃদ্ধি পায় যদিও মণিপুৰৰ শক্তিশালী ৰক্ষণ বিভাগক প্রতিহত কৰাত ব্যর্থ হয় পুলিচৰ ফৰৱাৰ্ড খেলুৱৈ। যাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে এ টি পি এ শ্বিল্ড ফুটবলত চূড়ান্ত খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।
খেলৰ প্ৰাকক্ষণত ডাঃ গৌতম দত্তক দুয়োটা দলৰ খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়ে। কালিৰ দ্বিতীয়খন ছেমিত সাধন দত্ত সোঁৱৰণী শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা পাওলেননাং তুবৈক বঁটা প্রদান কৰে দাতা পৰিয়ালৰ সদস্য সুমিত দত্তই। ২৪ জুনত চূড়ান্ত খেল : যোৰহাট টাউন ক্লাব বনাম মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ। কিক্ অফ : ৬-৩০ বজাত।