ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান ১৩৩ সংখ্যক 'মন কী বাত'ত লোকপিয়লৰ বিষয়ে উল্লেখ কৰে।
প্রধানমন্ত্রীয়ে কয়, 'বর্তমান আমাৰ দেশত এক অতিকৈ গুৰুত্বপূৰ্ণ অভিযান চলি আছে, যাৰ বিষয়ে প্রতিজন ভাৰতীয় অৱগত হোৱা উচিত। ই হ'ল লোকপিয়লৰ অভিযান, ই বিশ্বৰ ভিতৰতে সর্ববৃহৎ লোকপিয়ল। যিসকল সতীৰ্থৰ পূৰ্বতে এই প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে, এইবাৰৰ লোকপিয়লত তেওঁলোকৰ অভিজ্ঞতা সুকীয়াধৰণৰ হ'ব।'
প্রধানমন্ত্রীয়ে কয় যে যিবিলাক ৰাজ্যত স্ব-পিয়লৰ কাম সম্পূৰ্ণ হৈছে, তাত ঘৰৰ তালিকাকৰণ (লিষ্টিং) চলি আছে। এতিয়ালৈকে প্রায় ১ কোটি ২০ লাখ পৰিয়ালৰ ঘৰ তালিকাভুক্ত কৰা হৈছে।' প্রধানমন্ত্রীয়ে কয়, 'দেশৰ লোকপিয়ল কেবল চৰকাৰী কাম নহয়, ই আমাৰ সকলোৰে দায়িত্ব। আপোনালোকৰ অংশগ্রহণ অতি প্রয়োজনীয়। আপোনালোকে দিয়া তথ্য সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে আৰু ইয়াক গোপনে ৰখা হয়, ডিজিটেল সুৰক্ষাৰ সৈতে ইয়াত সুৰক্ষিত ৰখা হয়। আপোনালোকে নিজেও তথ্য দাখিল কৰিব পাৰিব। কৰ্মচাৰী ঘৰলৈ অহাৰ ১৫ দিনৰ আগতে এই সুবিধা উপলব্ধ হ'ব। আপোনালোকে নিজৰ সময়-সুবিধা অনুসৰি তথ্য দাখিল কৰিব পাৰিব। আপোনালোকে এই প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত এক বিশেষ আই ডি লাভ কৰিব। এই আই ডি আপোনাৰ ম'বাইল বা ই-মেইলত আহিব। পাছত যেতিয়া কৰ্মচাৰী আপোনালোকৰ ঘৰলৈ যাব, তেতিয়া এই আই ডি তেওঁলোকক দেখুৱাই তথ্য নিশ্চিত কৰিব পাৰিব। ফলত পুনৰ তথ্য দাখিল কৰাৰ প্ৰয়োজন নহ'ব।
বুদ্ধ পূর্ণিমাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'এইবাৰো মে' মাহৰ আৰম্ভণি এটা পৰ্বৰ সৈতে আৰম্ভ হ'ব। কেইদিনমানৰ পাছতে আমি বুদ্ধ পূর্ণিমা পালন কৰিম। মই আপোনালোক সকলো দেশবাসীক আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ভগৱান বুদ্ধৰ জীৱনৰ বাৰ্তা আজিও সমানেই প্রাসংগিক হৈ আছে। তেওঁ আমাক এই বুলি শিকনি দিছিল যে শান্তি আমাৰ ভিতৰৰ পৰাই আৰম্ভ হয়, তেওঁ কৈছে যে নিজৰ ওপৰত বিজয় আটাইতকৈ ডাঙৰ বিজয়। বৰ্তমান বিশ্ব যি ধৰণৰ উত্তেজনা তথা সংঘৰ্ষৰ মাজেৰে পাৰ হৈছে, সেই সময়ত বুদ্ধৰ চিন্তাধাৰা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। দক্ষিণ আমেৰিকাৰ চিলিত এটা সংগঠনে বুদ্ধৰ বাণীসমূহ আগবঢ়াই নিছে। লাডাখত জন্মগ্রহণ কৰা দ্রুবপন ওটজাৰ ৰিনপচেৰ নেতৃত্বত এই কাম চলি আছে। এই সংগঠনটোৱে ধ্যান আৰু কৰুণাক মানুহৰ জীৱনৰ সৈতে জড়িত কৰি আহিছে।'
মোদীয়ে কয়, 'প্রকৃতি আৰু মানৱ পৃথক নহয়, আমি পৰস্পৰৰ সংগী। যেতিয়া আমি প্রকৃতিক বুজি পাওঁ, ইয়াক সন্মান কৰোঁ আৰু প্ৰকৃতিৰ সৈতে মিলি আগবাঢ়োঁ, তেতিয়া পৰিৱৰ্তন স্পষ্ট ৰূপত দেখা পোৱা যায়। আজি এই পৰিৱৰ্তন দেশৰ প্রান্তে প্রান্তে নতুন আশাৰ ৰূপত উদিত হৈছে।' উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'উত্তৰ-পূৰ্বাঞ্চল আমাৰ সকলোৰে বাবে অষ্টলক্ষ্মী। ইয়াত প্রতিভাৰে ভৰপূৰ হৈ আছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দর্যই সকলোকে আকৰ্ষিত কৰে। 'মন কি বাত'ত আমি প্রায়ে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি আহিছোঁ। আজি তেনেধৰণৰ এক অভিজ্ঞতাৰ বিষয়ে আপোনালোকৰ লগত চৰ্চা কৰিম আৰু সেয়া হ'ল বাঁহ খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ সফলতা। যিবিলাক সামগ্রীক কেতিয়াবা বোজা বুলি ভবা হয়, সেইবিলাকেই এতিয়া সংস্থাপন, ব্যৱসায় আৰু উদ্ভাৱনক নতুন গতি দিবলৈ লৈছে। আমাৰ মাতৃ-ভগ্নীসকল ইয়াৰ পৰা আটাইতকৈ বেছি লাভৱান হৈছে। বাঁহৰ পৰিভাষা সলনি কৰাৰ ফলত কিমান পৰিৱৰ্তন আহিল, সেই কথা জানিলে আপোনালোক আচৰিত হৈ পৰিব। ইংৰাজসকলে প্রণয়ন কৰা আইনত বাঁহক গছ হিচাপে সংজ্ঞা দিয়া হৈছিল আৰু ইয়াৰ সৈতে জডিত নিয়মো যথেষ্ট কঠোৰ আছিল। ক'ৰবালৈ বাঁহ লৈ যোৱাটো যথেষ্ট জটিল আছিল। ২০১৭ চনত এই আইন সংশোধন কৰি বাঁহক গছৰ শাৰীৰ পৰা বাহিৰ কৰা হয়। ইয়াৰ পৰিণাম সকলোৱে দেখিছে। এতিয়া সমগ্র উত্তৰ-পূৰ্বাঞ্চলতে বাঁহ জাতিষ্কাৰ হৈ পৰিছে। মানুহে অহৰহ উদ্ভাৱন কৰি ইয়াৰ মূল্য সংযোগ কৰি গৈছে। ত্ৰিপুৰাৰ গোমতী জিলাৰ বিজয় সূত্ৰধৰ আৰু দক্ষিণ ত্ৰিপুৰাৰ প্ৰদীপ চক্ৰৱৰ্তীয়ে ইয়াৰ কথাকে কয়। তেওঁলোকে নতুন আইনক এক সুযোগ হিচাপে গ্রহণ কৰে। ইয়াৰ পাছত নিজৰ কামৰ সৈতে প্রযুক্তিৰ সংযোগ ঘটায়। এতিয়া তেওঁলোকে আগতকৈ অধিক উন্নত আৰু অধিক মাত্ৰাত বাঁহ উৎপাদন কৰি আছে। নগালেণ্ডৰ ডিমাপুৰৰ ওচৰে-পাঁজৰে এনেকুৱা ভালেমান আত্মসহায়ক গোট আছে, যি বাঁহৰ সৈতে জড়িত খাদ্য সামগ্রীত মূল্য সংযোজন কৰিছে। তাত খ'ৰোলো ক্রিয়েটিভ ক্রাফটৰ দৰে টীমো আছে, যি বাঁহৰ আচবাব-পত্ৰ আৰু হস্তশিল্পৰ কাম কৰি আছে। মিজোৰামৰ মামিত জিলাত এনেকুৱা কিছুমান গোটে বাঁহৰ টিছু কালচাৰ আৰু পলি-হাউছ মেনেজমেণ্টৰ কাম কৰি আছে। মই ছিকিমৰ গেংটকৰ কাষৰ লাৰ্জেষ্ট বেম্বু এণ্টাৰপ্ৰাইজ টীমৰ বিষয়ে জানিব পাৰিছোঁ। ইয়াত বাঁহৰ পৰা হস্তশিল্প, ধূপকাঠি, আচবাবপত্ৰ আৰু ইন্টেৰিয়ৰ ডেকৰ সামগ্রী তৈয়াৰ কৰিছে। মই আপোনালোকক কেইটামান উদাহৰণহে দিছোঁ। দেশত বাঁহ খণ্ডৰ সফলতাৰ এই তালিকা যথেষ্ট দীঘলীয়া। উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহৰ যিকোনো উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে ইয়াক উপহাৰ হিচাপেও দিব পাৰে। আপোনালোকৰ এই প্রয়াসে সেইসকলক উৎসাহিত কৰিব, যিসকলে বাঁহৰ সামগ্রী উৎপাদনত নিজৰ ঘাম মাটিত পেলাইছে।'