ডিজিটেল ডেস্ক : পাচলিত কৃত্ৰিম ৰাসায়নিক ৰং মিহলি কৰি বৰপেটাৰোডৰ পাইকাৰী বজাৰত বিক্ৰী কৰি থকা দৃশ্য দেওবাৰে সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পাছতে এনে ধুৰন্ধৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলাখনৰ সচেতন ৰাইজ। এই বাতৰি প্ৰায়বোৰ সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশিত হোৱাৰ পাচতে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই দেওবাৰেই বৰপেটাৰোডৰ পাচলিক পাইকাৰী বজাৰত উপস্থিত হৈ এই দৃশ্য প্রত্যক্ষ কৰাৰ পাছতে পাচলিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। খাদ্যৰ নামত বিষাক্ত পাচলি বিক্ৰী কৰা এনে ব্যৱসায়ীসকলৰ গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈ পৰিছে দল-সংগঠন তথা ৰাইজ। কেৱল শাক-পাচলিয়ে নহয়, বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত এচাম অসাধু ব্যৱসায়ীয়ে অবাধ গতিত বিক্ৰী কৰি থকা ভেজাল ফল-মূলসমূহে জনস্বাস্থ্যৰ প্ৰতি প্ৰবল ভাবুকি কঢ়িয়াই আনিছে। ৰাসায়নিক দ্রব্য কাৰ্বাইড ব্যৱহাৰ কৰি নিশাটোৰ ভিতৰতে খাদ্যৰ বাবে প্ৰস্তুত কৰি তোলা ফল-মূলসমূহ বৰপেটাৰ বজাৰত বিক্ৰী কৰি থকাৰ পাছতো এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে আজি পর্যন্ত প্রশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। প্রশাসনৰ এনে নিষ্ক্রিয়তাৰ সুযোগ গ্রহণ কৰি এই অসাধু ব্যৱসায়ীসকলে বৰপেটাৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহত অবাধ গতিত কার্বাইডযুক্ত ফল-মূলসমূহ বিক্ৰী কৰি আহিছে। ফলত এই ফল-মূল খাই শৰীৰত বিভিন্ন বেমাৰত আক্রান্ত হ'বলগা হৈছে বিভিন্নজন লোক।
বৰ্তমান ফলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই অসাধু ব্যৱসায়ীসকলে কার্বাইড দি নিশাটোৰ ভিতৰতে আম, কল, মৌচুমী আদি ফলসমূহ বিক্ৰীৰ বাবে বজাৰত মুকলি কৰি দিছে। জিলাখনৰ বাণিজ্যিক চহৰ বৰপেটা ৰোডলৈ প্ৰতিদিনে বহিঃৰাজ্যসমূহৰ পৰা আম, কল, আঙুৰ, মৌচুমী আদি ফলসমূহ আমদানি হৈ আহিছে। বৰপেটা ৰোডৰ এই পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ খুচুৰা ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে ক্ৰয় কৰি আহিছে প্রয়োজনীয় ফল- মূলসমূহ। এক নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰা মতে, বৰপেটাৰোডৰ একাংশ পাইকাৰী ব্যৱসায়ীয়ে প্রতিদিনে বহিঃৰাজ্যৰ পৰা ট্রাকে ট্রাকে অহা কেঁচা আম গোপনভাৱে মজুত কৰি থৈছে গুদামত। বিষাক্ত দ্রব্য কাৰ্বাইড ব্যৱহাৰ কৰি দুদিনতে পকোৱা আমবোৰ পাইকাৰী ব্যৱসায়ীসকলে জিলাখনৰ খুচুৰা ব্যৱসায়ীসকলৰ ওচৰত বিক্ৰী কৰি আহিছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনেবোৰ কাম প্ৰশাসনৰ সন্মুখতে চলি আছে যদিও ৰহস্যজনকভাৱে নিমাত প্রশাসনৰ দায়িত্ববাহী বিষয়াসকল।
ইপিনে, নামনি অসমৰ গোৱালপাৰা, বঙাইগাঁও আদি জিলাসমূহৰ পৰা প্রতিদিনে বৰপেটালৈ আমদানি হৈ আহিছে মালভোগ কল। স্বাভাৱিকতে কলৰ চাহিদা যথেষ্ট বেছি হোৱাৰ বাবে কাৰ্বাইড ব্যৱহাৰ কৰি নিশাটোৰ ভিতৰতে এই কলবোৰ পকোৱাৰ ব্যৱস্থা কৰে জিলাখনৰ অসাধু ব্যৱসায়ীসকলে। আনহে নালাগে, সদৰ চহৰ বৰপেটাতে মুকলিভাৱে এনে কার্বাইড দি পকোৱা আম, মালভোগ কল আদি ফলসমূহ নির্বিবাদে বিক্ৰী কৰি আছে খুচুৰা ব্যৱসায়ীসকলে। ইয়াৰ উপৰি জিলাখনৰ বৰপেটাৰোড, হাউলী, কলগাছিয়া, মন্দিয়া, ভেল্লা, নগাঁও, চেঙা, বহৰি, সৰ্থেবাৰী আদি বজাৰসমূহত প্ৰতিদিনে কার্বাইড দিয়া ফল বিক্ৰী কৰি আহিছে। এনেবোৰ দিশ চোৱা-চিতা কৰাৰ বাবে খাদ্য সুৰক্ষা বিভাগ এটা আছে যদিও এই ক্ষেত্ৰত কোনো এটা ব্যৱস্থাই গ্ৰহণ কৰা নাই বিভাগটোৰ বিষয়াসকলে। জিলাখনৰ সচেতন ৰাইজে জনস্বাস্থ্যৰ লগত জড়িত বিষয়টো সন্দর্ভত তৎকালে ব্যৱস্থা ল'বলৈ বৰপেটাৰ জিলা উপায়ুক্তক দাবী উত্থাপন কৰিছে।