ডিজিটেল ডেস্ক : ওড়িশাৰ মালকানগিৰিত মাওবাদী উগ্রপন্থীয়ে পুতি ৰখা বৃহৎ অস্ত্ৰ ভাণ্ডাৰ দেওবাৰে নিৰাপত্তা বাহিনীৰ অভিযানত উদ্ধাৰ হয়। মালকানগিৰিৰ কেলিমেলা থানাৰ অন্তৰ্গত গুণ্টাবাবা আৰু কদমগুৰা বানাঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এই অস্ত্র-শস্ত্র, বিস্ফোৰকসমূহ উদ্ধাৰ কৰে।
আত্মসমর্পণকাৰী মাওবাদী উগ্রপন্থীক জেৰাৰ সময়ত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এই অস্ত্ৰ ভাণ্ডাৰৰ তথ্য লাভকৰে। এই তথ্যৰ ভিত্তিত জিলা স্বেচ্ছাসেৱী দলে (ডি ভি এফ) ওড়িশা-অন্ধ্র প্রদেশ সীমান্তৰ বনাঞ্চল দুখনত অভিযান চলায়।
এই অভিযান কালত বহু পৰিমাণৰ আই ই ডি ৰাইফল, দেশীয়ভাৱে নির্মিত পিষ্টল, আমেৰিকাত নির্মিত পিষ্টল, এটা পইন্ট ৩০৩ ৰাইফল বেৰেল ৭টা ৱাকি টকীকে ধৰি বহু পৰিমাণৰ অস্ত্র-শস্ত্র, সামগ্রী উদ্ধাৰ হয়।