ডিজিটেল ডেস্ক : এগৰাকী নিৰ্ভৰশীল বিবাহিত কন্যা 'পৰিয়াল'ৰ পৰিধিৰ বাহিৰত নহয় আৰু সেইবাবে তেওঁৰ পিতৃ-মাতৃৰ মৃত্যুৰ পাছত যিকোনো অনুকম্পামূলক নিযুক্তি অথবা সুলভ মূল্যৰ দোকানত দিয়া আবণ্টনৰ ক্ষেত্ৰত বিবাহিত কন্যাগৰাকী যোগ্য বুলি বিবেচিত হ'ব। উচ্চতম ন্যায়ালয়ে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে। সর্বোচ্চ আদালতৰ ন্যায়াধীশ পি এছনৰসিংহ আৰু আলোক আৰাধেৰে গঠিত বিচাৰপীঠখনে উত্তৰ প্ৰদেশ চৰকাৰৰ এটা আদেশ খাৰিজ কৰি এই মন্তব্য কৰে।
'পৰিয়াল'ৰ সংজ্ঞাৰ পৰা এগৰাকী বিবাহিত কন্যাক বহির্ভূত কৰি নিৰ্ভৰশীল কোটাত সুলভ মূল্যৰ দোকানত সামগ্রী আবণ্টনক লৈ উত্তৰ প্ৰদেশ চৰকাৰে এটা আদেশ জাৰি কৰিছিল।
বিচাৰপীঠখনে কয় যে ৰাজ্য চৰকাৰখনৰ এই আদেশে সাংবিধানিক কাঠামোত থকা সম-অধিকাৰৰ নীতি উলংঘা কৰিছে আৰু এগৰাকী বিবাহিত কন্যাক 'পৰিয়াল'ৰ সংজ্ঞাৰ পৰা বাহিৰত ৰখাটো গ্রহণযোগ্য নহয়। সেইবাবে পিতৃ-মাতৃৰ মৃত্যুৰ পাছত এগৰাকী বিবাহিত কন্যা যিকোনো অনুকম্পামূলক নিযুক্তি অথবা সুলভ মূল্যৰ দোকানত দিয়া সামগ্রী আবণ্টনৰ ক্ষেত্ৰত যোগ্য বুলি বিবেচিত হ'ব।