ডিজিটেল ডেস্ক: ভাৰতীয় অলিম্পিক সংস্থাৰ এথলীটছ কমিছনৰ অধ্যক্ষ তথা বক্সিং কিংবদন্তি এম চি মেৰীকমে নিজৰ পদত্যাগ কৰাৰ বাতৰি অস্বীকাৰ কৰিছে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে বুলিহে জানিবলৈ দিয়ে তাৰকা বক্সাৰগৰাকীয়ে। পদত্যাগৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে মেৰীয়ে কয় যে তেওঁ ইস্তফা দিয়া নাই আৰু ২০২৬ চন পর্যন্ত দায়িত্ব পালন কৰি যাব।
এক হোৱাটছআপ যোগে পদত্যাগৰ কথা জনাইছিল মেৰীয়ে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা দিয়া বুলি জানিবলৈ দিয়ে প্রাক্তন বস্কাৰগৰাকীয়ে। সদ্য সমাপ্ত ৰাষ্ট্ৰীয় গে'মছৰ সামৰণী অনুষ্ঠানৰ বাবে হাল্ডৱানীলৈ যোৱা ৪২ বছৰীয়া মণিপুৰী বক্সাৰগৰাকীয়ে নিম্ন মানৰ হোটেলত থকাৰ ব্যৱস্থা কৰাৰ কাৰণে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। ২০১২ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী মেৰিকমে তেওঁৰ অসন্তুষ্টিক পদত্যাগলৈ সলনি কৰা হৈছে বুলি ব্যক্ত কৰিছে। এনে ধৰণৰ ব্যৱহাৰ পুনৰ কৰিলে পদত্যাগৰ কথা বিবেচনা কৰিম বুলি এথলীট কমিছনৰ আন সদস্যসকলক অৱগত কৰিছিল। মই কেতিয়াও কোৱা নাছিলোঁ পদত্যাগৰ কথা। ভাৰতীয় অলিম্পিক সংস্থা মোৰ পৰিয়ালৰ দৰে। কিবা কথাত অসন্তুষ্ট হ'লে ইয়াৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ মোৰ আছে। তাৰ মানে এয়া নহয় যে মই পদত্যাগ কৰিম।'