মাছুদ আজহাৰৰ পৰিয়াল বিধ্বস্ত হৈছিল অপাৰেশ্যন সেন্দূৰত

dainik janambhumi September 18, 2025

ডিজিটেল ডেস্ক : 'অপাৰেশ্যন সেন্দূৰ সন্দর্ভত পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্রাসবাদী নিহত হোৱাৰ তথ্য লুকুৱাই অহাৰ সময়তেই পোহৰলৈ আহিছে ন ন তথ্য। জৈছ-এ-মহম্মদৰ এজন শীর্ষ কমাণ্ডাৰে প্রকাশ কৰে যে সন্ত্রাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ সদস্যসকল বাহাৱালপুৰত হোৱা আক্রমণত ছিন্ন-বিচ্ছিন্ন হৈ পৰিছিল।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত সংগঠনটোৰ কমাণ্ডাৰ মাছুদ ইলিয়াছ কাশ্মীৰীয়ে সন্ত্রাসবাদী সংগঠনটোৰ আশ্রয়গৃহত কিদৰে ভাৰতীয় সামৰিক বাহিনীয়ে ক্ষেপণাস্ত্ৰৰে আক্রমণ সংঘটিত কৰিছিল সেই ভাষণ প্রচাৰিত হয়। এটা অনুষ্ঠানত উর্দুত দিয়া ভাষণত সন্ত্রাসবাদীজনে লগতে কয় যে পাকিস্তানী সেনা আৰু ইয়াৰ মুৰব্বী আছিম মুনিৰৰ সমর্থন জৈছে লাভ কৰিছে।

সন্ত্রাসবাদীটোৱে লগতে কয় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ আক্ৰমণত নিহত হোৱা পাক সন্ত্রাসবাদীৰ শেষকৃত্যত বহু শীর্ষ পাকিস্তানী সেনা আৰু অসামৰিক বিষয়াই অংশ লৈছিল।

Share This