ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ সংঘাতময় পৰিস্থিতিয়ে ভাৰতৰ ৰপ্তানি খণ্ডলৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে। ভাৰতৰ কৃষিজাত সামগ্রী ৰপ্তানিৰ ক্ষেত্ৰত এখন বৃহৎ বজাৰ হৈছে পশ্চিম এছিয়া। কিন্তু ইৰানৰে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছত ভাৰতৰ পৰা কৃষি সামগ্ৰী ৰপ্তানিত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ যুদ্ধৰ ফলত সাগৰীয় পথেৰে সামগ্রী কঢ়িওৱা জাহাজ চলাচলৰ পথ বিঘ্নিত হৈছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো তাৎক্ষণিকভাবে বৃদ্ধি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কৃষি ৰপ্তানিত নেতিবাচক প্রভাৱ পৰিছে।
উল্লেখযোগ্য যে ২০২৫ চনত পশ্চিম এছিয়ালৈ ভাৰতে ১১.৮ বিলিয়ন মার্কিন ডলাৰৰ কৃষিজাত সামগ্রী ৰপ্তানি কৰিছিল। গ্ল'বেল ট্রেড ৰিছাৰ্চ ইনিচিয়েটিভৰ তথ্য অনুসৰি যোৱা বৰ্ষত ভাৰতৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ২১.৮ শতাংশই এই অঞ্চললৈ ৰপ্তানি হৈছিল।
ভাৰতৰ চাউল, মছলা, কল, মাংস আৰু গাখীৰজাত সামগ্ৰীৰ বাবে পশ্চিম এছিয়া হৈছে এখন গুৰুত্বপূৰ্ণ বজাৰ। কিন্তু শেহতীয়াকৈ অঞ্চলটোত যুদ্ধৰ ফলত সৃষ্টি হোৱা অস্থিৰতা, বিশেষকৈ হৰমুজ প্রণালীক লৈ কূটনীতি চলি থকাৰ বাবে ভাৰতৰ পৰা সামগ্ৰী ৰপ্তানিত ব্যাঘাত জন্মিছে।