কোকৰাঝাৰত ধৰ্ষণকাৰীৰ ফাঁচিৰ দাৱীত বিশাল সমদল 

Jyoti Borah August 16, 2023

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী নাবালিকাক চাৰি লম্পটে ধৰ্ষণ কৰাৰ ঘটনাকলৈ আজি কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা  হয় ৷ উল্লেখ্য যে,কোকৰাঝাৰৰ যুৱ আৰু ছাত্ৰ ছাত্ৰী সকলৰ বেৰ্ণাৰত উলিওৱা এই প্ৰতিবাদী মিছিলত চহৰখনৰ প্ৰায় শতাধিক যুৱক আৰু যুৱতীৱে অংশলৈ হাতে হাতে প্লে’কাৰ্ড প্ৰদৰ্শণ কৰি ধৰ্ষণকাৰীক ফাঁচি দিওক, জাষ্টিছ ফৰ কোকৰাঝাৰ, ন’ জাষ্টিচ ন’ ৰেষ্ট, ধৰ্ষণৰ বিৰুদ্ধে এক হওক ইত্যাদি বিভিন্ন শ্ল’গানৰে আকাশ বতাহ কপায় তোলে ৷ পাছত প্ৰতিবাদকাৰী সকলে কোকৰাঝাৰ চহৰৰ আৰ এন বি ৰোড ,থানা ৰোডহৈ জিলা উপাযুক্ত কাৰ্যালয়ত সমদলৰে অন্তঃ পেলায় ৷ উল্লেখ্য যে ,প্ৰতিবাদী সমদলত নেতৃত্ব দিয়া সকলে সমদলৰ অন্তঃত তেওলোকৰ দাৱী সম্বলিত এখন স্মাৰক পত্ৰ জিলা আয়ুক্তকো প্ৰদাণ কৰে ৷ 
 

Share This