মথুৰাপুৰৰ ভূঞা পুখুৰীত বেদখলকাৰীক উচ্ছেদ

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্ক : বহু জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাত চলিল বুলড'জাৰৰ হাতোৰা। চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁৱৰ ঐতিহাসিক ধোদৰআলিৰ কাষতে থকা এটা ৰজাদিনীয়া পুখুৰীত বিগত বহু বছৰ ধৰি চলা বেদখলক কেন্দ্ৰ কৰি একাধিক দল-সংগঠন সৰৱ হৈ পৰাৰ পাছতেই বুধবাৰে চৰাইদেউ জিলা প্রশাসনে অৱশেষত উচ্ছেদ চলাবলৈ বাধ্য হয়। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁও অঞ্চলত অৱস্থিত ঐতিহাসিক ভূঞা পুখুৰীটো তিনিটাকৈ পৰিয়াল ক্ৰমে মুবিদুল ইছলাম, অনু বেগম আৰু বাবুল ইছলামে বেদখল কৰি ইয়াক ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰ কৰিছিল। বেদখলকাৰীসকলে আনকি পুখুৰীটোৰ পাৰত মাটি ভৰাই শৌচালয়, গা-ধোৱা ঘৰ, ব্ৰয়লাৰ ফাৰ্ম আদি পর্যন্ত সাজি পুখুৰীটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছিল। 

ইফালে ঐতিহাসিক পুখুৰীটো বেদখলমুক্ত কৰি ইয়াক উপযুক্ত সংৰক্ষণ কৰিবৰ বাবে সময়ে সময়ে বিভিন্ন দল-সংগঠনৰ উপৰি একাংশ বুৰঞ্জীপ্রেমী সচেতন ব্যক্তিয়ে দাবী জনাই আহিছিল যদিও প্রশাসনৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা ৯ আগষ্টৰ দিনা বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিৰ এটা প্রতিনিধি দলে সাংবাদিকসহ ঐতিহাসিক পুখুৰীটো নিৰীক্ষণ
কৰিবলৈ যোৱাৰ সময়তে বীৰ লাচিত সেনাৰ কৰ্মীসকলক উপর্যুপৰি অশ্রাব্য বাক্যবাণেৰে খেদি পঠাবলৈ উদ্যত হোৱাই নহয়, দলটোৰ সৈতে সংবাদ সংগ্ৰহৰ বাবে যোৱা মথুৰাপুৰ অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক
বেদখলকাৰী নাৰ্জী বেগমে শাৰীৰিকভাৱে প্ৰহাৰ কৰে। বেদখলকাৰীৰ হাতত জ্যেষ্ঠ সাংবাদিক নিগ্রহ হোৱাৰ পাছত অধিক ক্ষুব্ধ হৈ পৰা বিভিন্ন দল-সংগঠন ক্রমে বীৰ লাচিত সেনা, আটাছু, আছা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছাকে ধৰি কেইবাটাও দল-সংগঠন আৰু স্থানীয় ৰাইজে ১১ আগষ্টৰ দিনা ঐতিহাসিক ভূঞাপুখুৰী বেদখলমুক্ত কৰাৰ দাবীৰ লগতে সাংবাদিকক
প্ৰহাৰ কৰা দোষীক আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিয়াৰ বিৰোধিতা জনাই ঐতিহাসিক ধোদৰ আলিৰ কাষতে থকা ভূঞা পুখুৰীৰ পাৰত সমবেত হৈ প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী জনতাই ৭২ঘণ্টাৰ ভিতৰত উচ্ছেদ চলাই ভূঞা পুখুৰী বেদখলমুক্ত কৰিবৰ বাবে প্ৰতিবাদস্থলীত উপস্থিত থকা চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত তথা দণ্ডাধীশ চৈতালীৰাণী দত্তক
প্ৰদান কৰা এখন স্মাৰক-পত্ৰৰ যোগেদি বিষয়টো স্পষ্ট কৰি দিছিল। 

কিন্তু দল-সংগঠনৰ নিৰ্ধাৰিত সময় সীমা উকলি গ'লেও বুধবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ আৰক্ষীৰ এটা বৃহৎ দলে বেদখলকাৰীৰ বাসগৃহৰ ওপৰত বুলড'জাৰ চলাই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয়। বুধবাৰে পুৱাই ভূঞা পুখুৰীৰ পাৰত আৰক্ষীৰ দল তথা চৰাইদেউ জিলা প্রশাসনৰ হৈ দণ্ডাধীশ চৈতালী ৰাণী দত্তৰ উপস্থিতিত বেদখলকাৰীসকলক ঘৰৰ ভিতৰৰ সামগ্ৰীসমূহ বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে প্রায় ১১ বজাত আৰক্ষীয়ে বেদখলকাৰীৰ ঘৰৰ ওপৰত বুলড 'জাৰৰ আক্ৰমণ চলে। ইফালে উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থকা বিভিন্ন দল-সংগঠনৰ কৰ্মকর্তাসকলে জিলা প্ৰশাসনৰ বুধবাৰৰ সিদ্ধান্তক প্রশংসা কৰাৰ লগতে গণতান্ত্রিক দেশত সাংবাদিকৰ জয় হোৱা বুলিও মন্তব্য কৰে।

Share This