ডিজিটেল ডেস্ক : সুস্থ হৈ উভতি অহাৰ পাছত পুনৰ আঘাতৰ কবলত পৰে ভাৰতৰ তাৰকা পেচাৰ মায়ংক যাদৱ। এইবাৰ পিঠিৰ আঘাতত ভোগাৰ বাবে অষ্টাদশ সংস্কৰণৰ আই পি এলৰ অৱশিষ্ট খেলৰ পৰা বাহিৰ হ'বলগীয়া হৈছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পেচাৰগৰাকী। বি চি চি আইৰ চেণ্টাৰ অব্ এক্সেলেন্স আৰু স্পার্টছ ছায়েন্স দলৰ সৈতে কমেও ছমাহৰ পুনৰ্বাসনৰ অন্তত মায়ংকে মাত্র দুখন খেল খেলাৰ পাছত পুনৰ আঘাতপ্রাপ্ত হয়।
আই পি এলৰ তৰফৰ পৰা কোৱা হৈছে যে মায়ংকে পিঠিত আঘাত পাইছে আৰু সেয়ে এই ছিজনৰ বাকী সময়ছোৱা তেওঁ খেলপথাৰৰ পৰা আঁতৰি থাকিব। তেওঁৰ স্থানত লক্ষ্ণৌত যোগ দিব নিউজিলেণ্ডৰ উইলিয়াম অ'ৰ'কে। যোৱা বছৰ মায়ংকে আই পি এলৰ প্ৰথম কেৰিয়াৰত প্ৰতি ঘণ্টাত ১৫০ কিল'মিটাৰৰ ওপৰত বলিং কৰি সকলোকে স্তম্ভিত কৰিছিল। কিন্তু এপ্ৰিলৰ আৰম্ভণিতে তেওঁ আঘাতপ্রাপ্ত হয়। ইয়াৰ ফলত তেওঁক ছমাহৰ বিশ্রাম দিয়া হয়। পৰৱৰ্তী সময়ত তেওঁক ভাৰতৰ বাংলাদেশ ভ্ৰমণৰ বাবে দলত লোৱা হয়। পিছে সেই শৃংখলা শেষ হোৱাৰ পূৰ্বেই পুনৰ পিঠিৰ সমস্যাত পৰে মায়ংকে।
উল্লেখযোগ্য যে যোৱা ১৩ মাহত মাত্র ৯খন টি-২০ মেচ খেলে মায়ংকে। আই পি এললৈ উভতি অহা মায়ংকে মুঠ ৮ অ'ভাৰত ১০০ ৰান খৰচ কৰি মাত্র দুটা উইকেট লাভ কৰে। স্বাভাৱিক ছন্দত তেওঁক দেখা পোৱা নগ'ল। মাথোঁ দুখন মেচ খেলি আঘাতপ্রাপ্ত হোৱা মানে হয়তো তেওঁক আগতীয়াকৈ ফিট চার্টিফিকেট দিয়া হ'ল বুলি চৰ্চিত হৈছে। সেই কাৰণে বৃহৎ প্ৰশ্নৰ সন্মুখীন হৈছে ব'ৰ্ডৰ মেডিকেল টীম। মায়ংকে বাৰম্বাৰ আঘাত পোৱাৰ ঘটনাই ভৱিষ্যতে তেওঁৰ ভাৰতীয় দলত স্থান লাভৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব পাৰে বুলি ভাবে ক্রিকেট বিশেষজ্ঞসকলে। ব'ৰ্ডৰ চুক্তিত আবদ্ধ হৈ থকা সত্ত্বেও তেওঁৰ উন্নত চিকিৎসাৰ বাবে হয়তো বিদেশী বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন আছে বুলি ভাবে অনেকেই।