ডিজিটেল ডেস্ক : চলিত আই পি এলত আঘাত সমস্যাত জৰ্জৰিত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দলৰ একাধিক তাৰকা বলাৰ আঘাত সমস্যাত ভুগি আছে। প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে মহছিন খান। দীর্ঘ আঘাত সমস্যা একাষৰীয়া কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেললৈ উভতি আহে আকাশদীপ। ইয়াৰ উপৰি, আন এগৰাকী বেগী বলাৰ মায়ংক যাদৱ এতিয়াও ফিট হৈ উঠা নাই। মায়ংকৰ আঘাত সমস্যা সন্দৰ্ভত এইবাৰ মুখ খুলিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) প্ৰশিক্ষক জাষ্টিন লেংগাৰে।
যোৱা অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়তে আঘাত সমস্যাত ভোগে মায়ংকে। তাৰ পাছৰ পৰাই তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছে। অৱশ্যে, তাৰকা বেগী বলাৰ মায়ংক ক্ৰমশঃ ফিট হৈ উঠিছে। মায়ংক নিজৰ কাংক্ষিত বলিং স্তৰৰ প্ৰায় ৯০-ৰ পৰা ৯৫ শতাংশ অতিক্ৰম কৰিছে বুলি জানিবলৈ দিছে লেংগাৰে।
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলৰ পাছত লেংগাৰে কয়, 'মই যিমানদূৰ জানো মায়ংকে ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁ শেহতীয়াকৈ আৰম্ভ কৰা বলিং অনুশীলনৰ এক ভিডিঅ' দেখা পালোঁ। তেওঁ প্রায় ৯০-ৰ পৰা ৯৫ শতাংশ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্রায় ফিট হৈ উঠা বিষয়টো ভাৰতীয় ক্রিকেট তথা আই পি এলৰ বাবে সু-খবৰ। যোৱা ছিজনত তেওঁৰ প্ৰভাৱশালী প্রদর্শন আমি সকলোৱে দেখা পালোঁ। মোৰ মতে তেওঁতকৈ ভাৰতৰ আন কোনো বলাৰে অধিক বেগত বলিং কৰিব পাৰে বুলি নাভাবোঁ। সেইবাবেই তেওঁক লৈ ইমান চর্চা চলিছে।'