মীনাক্ষি, জেইছমিন ছেমি ফাইনেলত, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় মহিলা বক্সিং দলে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত আকর্ষণীয় দৌৰ অব্যাহত ৰাখিছে। সেই অনুসৰি ডিফেণ্ডিং বিশ্ব চেম্পিয়ন মীনাক্ষি হুডা আৰু জেইছমিন লাম্বৰীয়াই ছেমি ফাইনেলত প্রবেশ কৰিছে। উভয়ৰ এই জয়েৰে সমগ্ৰ ভাৰতীয় মহিলা দলে পদক নিশ্চিত কৰিছে। ইফালে, পুৰুষৰ শাখাত লোকেশ, আকাশ আৰু হৰ্ষ চৌধাৰীয়েও অন্তিম-৪ত প্ৰৱেশ কৰিছে। মীনাক্ষিয়ে দূৰন্ত প্ৰদৰ্শন দাঙি ধৰি মহিলাৰ ৪৮ কেজি শাখাত জাপানৰ য়ুকা ছাডামাৎছুক ৫-০ ব্যৱধানত হৰুৱাই কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। 

জেই ছমিনেও ৫৭ কেজি শাখাত উজ্জীৱিত প্ৰদৰ্শনেৰে চীনৰ জিয়ি চেনৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়েৰে ছেমি ফাইনেলত প্রৱেশ কৰে। আনহাতে, পুৰুষৰ শাখাত লোকেশে ৮৫ কেজিত কোৰিয়াৰ জিচে কিমক ৫-০ ব্যৱধানত হৰুৱাই পৰৱৰ্তী ৰাউণ্ডত উপনীত হয়। আকাশেও (৭৫ কেজি) তুর্কমেনিস্তানৰ য়ালাছ বাগটিয়াৰোভক ৫-০ ব্যৱধানত বিধ্বস্ত কৰাৰ বিপৰীতে হর্ষ চৌধাৰীয়ে ৯০ কেজি ওজন শাখাত শক্তিশালী প্রদর্শন দাঙি ধৰি কির্গিজ ৰিপাব্লিকৰ টাইনিষ্টান এলিবায়েভক হৰুৱাই ছেমি ফাইনেললৈ আগবাঢ়ে। 

ভাৰতীয় পুৰুষৰ দলৰ ছগৰাকী বক্সাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে অংকুশে ৮০ কেজি শাখাত অভিযান সামৰে।

Share This