ডিজিটেল ডেস্ক : দৈনিক কাকতৰ বহুতো পাঠকেই পুৱা এখন বাতৰি কাকতত আশা কৰে ইতিবাচক বাতৰিৰ। কিন্তু সম্পূর্ণ ইতিবাচক বাতৰিৰে এখন কাকত প্ৰকাশ কৰা সম্ভৱ নহয়। কাৰণ, এটা এটা দিন ৰাজ্যজুৰি, দেশজুৰি নেতিবাচক বাতৰিৰে ভৰি থাকে। তাৰ মাজত এমুঠিমান ইতিবাচক বাতৰি থাকে, যি মানুহক উৎসাহিত কৰে, প্ৰেৰণা দিয়ে, মানৱতাৰ গান শুনায়। তেনে একোটা বাতৰিয়ে একোজন পাঠকক বহু দিনলৈ উজ্জীৱিত কৰি ৰাখে।
নেতিবাচক বাতৰিবোৰৰ প্ৰভাৱো প্রায় সমানেই, কিন্তু বিপৰীত। একোটা নেতিবাচক বাতৰিয়ে পাঠকৰ মন-মগজুত হতাশা-নিৰাশা, দুখ-ক্ষোভ আদিৰ সৃষ্টি কৰে। এইবোৰেও পাঠকক কেইবাদিনলৈ আচ্ছন্ন কৰি ৰাখে। নেতিবাচক বাতৰিত সাধাৰণতে হত্যা, বলাৎকাৰ ইত্যাদি ধৰণৰ বাতৰিবোৰকে ধৰা হয়।
বাতৰিবোৰ ইতিবাচক, নেতিবাচকত ভাগ নকৰি সহজ ভাষাত আনন্দদায়ক আৰু দুখদায়ক এই দুয়োটা ভাগতো ভাগ কৰিব পাৰি। পুৱাই কাকতখন হাতত লোৱাৰ পাছত কিছুমান বাতৰিয়ে আমাক আনন্দ দিয়ে, আশা দিয়ে, কিছুমানে দিয়ে দুখ, ক্ষোভ, নিৰাশা। তেনে বাতৰিবোৰৰ ভিতৰত এটা হৈছে দুর্ঘটনাত মৃত্যু।
বাতৰি কাকতত প্রায় প্রতিদিনেই 'দুর্ঘটনাত মৃত্যু' শিৰোনামৰ বাতৰি থাকেই। কিছুমান সংক্ষেপে থাকে আৰু 'স্বাভাৱিক' বুলি আমি মানি লওঁ। কিছুমান দুর্ঘটনাৰ বাতৰিয়ে বিভিন্ন কাৰণত বিস্তৃতি লাভ কৰে। আমাৰ মনত সৃষ্টি কৰে দুখৰ, সমবেদনাৰ আৰু ক্ষোভৰ। দুর্ঘটনাবোৰৰ বাতৰিবোৰত পোৱা যায় কিছুমানত 'তীব্র বেগত চলাইছিল', কিছুমানত 'চালকে সুৰাপান কৰি তীব্ৰ বেগত চলাইছিল', কিছুমানত 'বং ছাইড', কিছুমানত 'পিছফালৰ পৰা খুন্দা মাৰিছিল।'
সম্প্রতি অসমত গাড়ী-মটৰচাইকেল আদিৰ দুৰ্ঘটনা বৃদ্ধি পাইছে। অতি চিন্তাজনক অৱস্থা এটা পাইছেহি। যোৱা জুন মাহত পথ পৰিবহণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য মতে ২০২০ চনৰ পৰা ২০২৪ চনলৈ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ১৯,২২৪টা পথ দুর্ঘটনা সংঘটিত হৈছে। মন কৰিবলগীয়া যে এই দুর্ঘটনাসমূহৰ ১০টাৰ ভিতৰত ৮টাই সংঘটিত হৈছে অসমত।
এই শাৰদীয় দুর্গা পূজাৰ সময়ত, সপ্তমীৰ পৰা দশমীলৈ অসমত পথ দুর্ঘটনাত ১৬জন মান লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। ১৯ অক্টোবৰৰ নিশা গোলাঘাটৰ কমাৰগাঁৱত সংঘটিত এটা পথ দুৰ্ঘটনাত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক বুবুল চন্দ্ৰ নেওগৰ মৃত্যু হয়। বাতৰি মতে, যোৰহাটলৈ নিজা বাহনেৰে আহি থকা সময়ত এখন ট্রাকৰ সৈতে তেওঁৰ বাহনৰ
মুখামুখি সংঘর্ষ হয়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ১৯ অক্টোবৰতে আন এটা শোকাৱহ ঘটনা সংঘটিত হ'ল গহপুৰত, নিশা ৭-৩০ বজাত। মৰমৰ মোমায়েক চন্দন চাহুৰ সৈতে মটৰ চাইকেলেৰে পূজা চাবলৈ ওলাই গৈছিল দুই ভাগিনী ঋত্বিকা আৰু কৃত্তিকা। কিন্তু পিছফালৰ পৰা তীব্ৰবেগী এখন মালবাহী ট্রাকে খুন্দা মৰাৰ ফলত তিনিওৰে থিতাতে মৃত্যু হয়। তেনেদৰে খাৰুপেটীয়াত যোৱা ১৮ অক্টোবৰৰ নিশা তীব্ৰবেগী এখন ভার্না গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই এখন মালবাহী ট্রাকৰ পিছফালে খুন্দা মাৰি ট্ৰাকৰ তলত সোমাই যায় আৰু কৰুণভাৱে ভাৰ্নাৰ আৰোহীসহ তিনিজন যুৱকৰ মৃত্যু হয়। ছিপাঝাৰৰ গৰুখুঁটিত নৱমীৰ নিশা এখন মটৰ চাইকেলৰ আন এখন তীব্রবেগী মটৰ চাইকেলৰ সৈতে মুখামুখি খুন্দাত দুজন যুৱকৰ মৃত্যু হয় আৰু আন দুজন আহত হয়। লংকা-লামডিং পথত দশমীৰ দিনা পুৱতি নিশা আকৌ হঠাতে দিশ সলনি কৰা এখন মটৰ চাইকেলৰ আৰোহীক বচাবলৈ গৈ আৰক্ষীৰ এখন গাড়ীয়ে নিয়ন্ত্রণ হেৰুওৱাত এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু হয়। ঘগ্ৰাপাৰত
অষ্টমীৰ নিশা এখন তীব্রবেগী বাহনে ঘাইপথেৰে গৈ থকা এজনক খুন্দিয়াই মাৰে। লক্ষীপুৰত আকৌ দুর্গা পূজাৰ প্রতিমা বিসর্জন দিবলৈ যোৱা এগৰাকী মহিলাৰ শোভাযাত্ৰাৰ বাদ্যযন্ত্র কঢ়িওৱা বলেৰ' পিক-আপ ভানৰ খুন্দাত মৃত্যু হয়। জাগুনত সপ্তমীৰ নিশা মাৰুতি এছপ্ৰেছ'ৰ সৈতে মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত দুজন নিহত হয়। দেৰগাঁৱত নৱমীৰ নিশা চলি থকা এখন ই-ৰিক্সাত পিছফালৰ পৰা এখন মটৰ চাইকেলে খুন্দা মৰাত মটৰ চাইকেল আৰোহী যুৱকজনৰ মৃত্যু হয়। ডিমৌত পিছফালৰ পৰা তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মৰাত এজনৰ মৃত্যু হয়।
দুর্ঘটনাসমূহৰ কাৰণসমূহ পঢ়ি চালে দেখা যায় তীব্র বেগত গাড়ী বা মটৰ চাইকেল চলোৱা, পিছফালৰ পৰা খুন্দা মৰা আৰু সম্মুখৰ পৰা খুন্দা মৰা। ইয়াত চালকসকলৰে ভুলৰ কথা স্পষ্ট। তীব্র বেগত গাড়ী চলোৱাৰ বাবে হোৱা দুর্ঘটনা কেইবাটাও। তাৰ লগতে আছে সময়ৰ কথা। দুর্ঘটনাবোৰ সংঘটিত হৈছে নিশা। বাতৰিবোৰত প্ৰকাশ নোপোৱা কথা হৈছে- পথৰ অৱস্থা কেনেকুৱা। পথবোৰ সম্পূর্ণ গাঁতহীন নে? পথৰ বেয়া অৱস্থাও বহু সময়ত দুর্ঘটনাৰ কাৰণ হয়।
আৰক্ষী প্ৰশাসন আৰু ৰাইজ সতর্ক হ'লে এই দুর্ঘটনাবোৰ নিশ্চয় কিছু পৰিমাণে কমাব পৰা হ'ব। যান-বাহনৰ গতিবেগ কঠোৰভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব লাগে। পথৰ অৱস্থা যদি বেয়া, সেয়া ভাল কৰিব লাগে। এইসমূহ ঘটনাত (উল্লেখ) নাই যদিও দৈনিক সংঘটিত কিছু দুর্ঘটনাৰ আন এটা কাৰণ হৈছে সুৰাপান কৰি গাড়ী-মটৰ চাইকেল চলোৱা। এনেবোৰ বিষয়ত প্রশাসন তথা ৰাইজ সতর্ক হ'লে দুর্ঘটনা হ্রাস কৰিব পৰা যাব।