আজিৰ সম্পাদকীয়, দুর্ঘটনা

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক : দুর্ঘটনা দুর্ঘটনাই! অনাকাংক্ষিত মৃত্যু বা আঘাতপ্রাপ্তিৰ ঘটনাক সৰলীকৰণ কৰিবলৈ, ব্যথিতজনক সমবেদনা জনাবলৈ এইটোৱেই আটাইতকৈ সহজ সূত্র। মৃত্যু কপালত লিখা আছিল, উজুটি খায়ো হয়তো মৰিলহেঁতেন! সেইকাৰণে দুর্ঘটনাৰ বাবে কাকো জগৰীয়া কৰি লাভ নাই। শোকদগ্ধ পৰিয়ালক এইদৰেই কৈ সমবেদনা জনাবলৈ বা সংশ্লিষ্টজনৰ শোক পাতলাবলৈ চেষ্টা কৰে কাষত থকাসকলে। 

হয়, কোনেও ইচ্ছা কৰি দুর্ঘটনা নঘটায়, যান-বাহনৰ প্ৰতিটো দুর্ঘটনা ঘটাৰ মুহূৰ্তত এটা পৰিস্থিতিৰ সৃষ্টি হয়, যিটো চালকৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা বাবে দুর্ঘটনা অৱশ্যম্ভাবী হৈ পৰে- যাক 'নিয়তি' বুলিয়েই বহুতে বিশ্বাস কৰে। কিন্তু সকলো পথ-দুর্ঘটনা বা দুর্ঘটনাত হোৱা মৃত্যুৱেই অৱশ্যম্ভাবীনে? আমাৰ ৰাজ্যত বছৰে বছৰে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আহিছে। 

২০১৯ চনৰ পৰা ২০২৩ চনৰ প্রাপ্ত পৰিসংখ্যা মতে, এই সময়ছেৱাৰ ভিতৰত ৩৬,৮০০টা পথ দুর্ঘটনা ৰাজ্যত সংঘটিত হৈছিল আৰু ইয়াত ১৫ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছিল। ২০২৪ বর্ষতো ৩৩৫১জনে প্রাণ হেৰুৱায় পথ দুর্ঘটনাত। পথ দুর্ঘটনা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে সর্বাধিক ঘটে। দুৰ্ঘটনাৰ এই বর্ধিত পৰিমাণটো লক্ষ্য কৰি তথা ইয়াৰ প্রকৃতিলৈ চাই এটা কথা নির্দ্বিধাই ক'ব পাৰি যে অলপ সজাগ হৈ যান-বাহন চলালে বা যান-বাহন চালনাৰ সময়ত কিছুমান বস্তু বা বিষয় পৰিহাৰ কৰিব পাৰিলে বহু দুর্ঘটনা হয়তো নঘটিলেহেঁতেন। অসমত যিমান পথ দুর্ঘটনা হয় তাৰ ৪২ শতাংশই দুচকীয়া বাহনৰ। কিছুমান চালকৰ দুচকীয়া বাহন চলোৱাৰ ৰূপটো দেখিলে এনে ভাব হয় যেন তেওঁলোকে দুর্ঘটনা ঘটাবৰ বাবেই বাহনখন চলাইছে! গাড়ী চলোৱাৰ সময়ত চালক সজাগ নোহোৱাৰ বাবেই আমি নিশামণি হালৈৰ দৰে সাংস্কৃতিক ক্ষেত্রত উজলি উঠা যুৱতী এগৰাকীক অকালতে হেৰুৱাব লগা হ'ল। দুদিন পূর্বে মহানগৰীৰ মঠঘৰীয়াত তিনিগৰাকী সম্ভাৱনাপূর্ণ যুৱতীয়ে প্রাণ হেৰুওৱা দুর্ঘটনাটোৰ পৰিৱেশ-পৰিস্থিতি বিশ্লেষণ কৰিলেও ধাৰণা কৰিব পাৰি যে চালকজনৰ দায়িত্বজ্ঞানহীন চালনাৰ বলি হ'ব লগা হ'ল যুৱতীকেইগৰাকী। এই দুর্ঘটনাটোৱে অন্য কিছুমান গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক প্রশ্নও সম্মুখলৈ আনিছে। 

পৰিৱৰ্তিত সময়ৰ পৰিৱৰ্তিত চিন্তা-চৰ্চাৰে সমৃদ্ধ সামাজিক পৰিৱেশটোত নতুন প্ৰজন্মৰ যুৱতীসকলো যুৱকসকলৰ দৰেই ঘৰৰ বান্ধোনৰ পৰা ওলাই আহি আত্মনিৰ্ভৰশীল হোৱাৰ এখন সংগ্ৰামত নামি পাৰিছে। উচ্চ শিক্ষা ল'বলৈ, চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত চাকৰি কৰিবলৈ বা অন্য সংস্থাপনৰ পথ ল'বলৈ ওলাই অহা এই যুৱতীসকলে ৰচনা কৰি লৈছে জীৱন-যাপনৰ নিজস্ব পৰিৱেশ। ৰাজ্যৰ নগৰ-চহৰবিলাকত 'পেয়িং গেষ্ট'ৰ নতুন জীৱন আদৰি লৈছে এনেকুৱা হাজাৰ-হাজাৰ যুৱতীয়ে। আপাততঃ 'মুক্ত জীৱন'ৰ গৰাকী হৈ পৰা এই যুৱতীসকলৰ বাবে আকাংক্ষা শইকীয়া, পূজা সাহা আৰু নেহা খান ওৰফে আৰমিনা আহমেদে প্রাণ হেৰুৱাবলগীয়া হোৱা মঠঘৰীয়াৰ দুৰ্ঘটনাটো এটা শিক্ষা হোৱা উচিত। আধুনিক যুগৰ নাৰী হৈ নিজক গঢ় দিয়া, এটা সন্মানজনক সংস্থাপন পোৱাৰ বাবে যুৱতীসকল এই 'মুক্ত জীৱন'ৰ জগতখনলৈ ওলাই আহিবই লাগিব, গত্যন্তৰ নাই। 

মাক-দেউতাকৰ ডেউকাৰ তলত সোমাই থাকি তেওঁলোকে বিচাৰি উলিওৱা 'দৰা' এটাৰ লগত বিয়া হৈ জীৱনটোক সীমাবদ্ধ কৰি পেলোৱাৰ ইচ্ছা বেছিভাগ যুৱতীৰে নাই; নথকাটোও স্বাভাৱিক। কিন্তু এই 'মুক্ত জীৱন'তো স্ব-নিয়ন্ত্ৰণৰ দৰকাৰ। আকাংক্ষা, পূজা, নেহাই কিবা এক 'শ্ব' 'চাবলৈ মাজনিশা থকা ঠাইৰ পৰা ওলাই আহিছিল। আকাংক্ষাৰ পিতৃৰ ভাষ্যৰ পৰা জানিব পৰা মতে, সেই মাজনিশা ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা থকা বুলি আকাংক্ষাই পিতৃ-মাতৃক জনোৱা নাছিল। অর্থাৎ তেওঁলোকে 'মুক্ত জীবন'ৰ কিছুমান কথা পিতৃ-মাতৃৰ পৰা গোপনে ৰাখিছিল। এনেকুৱা 'মুক্ত জীৱনে 'ও কেতিয়াবা জীৱনলৈ ভয়ংকৰ পৰিস্থিতি নমাই আনিব পাৰে- সেয়া আকাংক্ষাহঁতৰ পৰিস্থিতিটোৱে দেখুৱাই দিলে। 

'মুক্ত জীৱন যাপন' কৰা যুৱতীসকলৰ সকলো কথা পিতৃ-মাতৃয়ে জানিবই লাগিব বুলি কথা নাই, কিন্তু নিজৰ ওপৰত প্ৰতিগৰাকী যুৱক-যুৱতীৰ নিয়ন্ত্রণ থকা উচিত। নিশাৰ পৰিৱেশ, বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰিৱেশ যুৱতীসকলৰ বাবে মুঠেও সুৰক্ষিত নহয়। দুর্ঘটনা যেতিয়াই তেতিয়াই ঘটিব পাৰে, সঁচা, কিন্তু নিশাৰ মহানগৰীত বা অন্য ঠাইত দুৰ্ঘটনাৰ আশংকা বেছি, সেয়া পৰিসংখ্যা বিচাৰিলেও জনা যাব। অন্য অপকর্মও নিশাৰ আন্ধাৰতে বেছি হয়। গতিকে, নিশা ক'ৰবালৈ যোৱাৰ কথা আহিলে যুৱতীসকলে দহবাৰ ভাবি সিদ্ধান্ত গ্রহণ কৰা উচিত আৰু নিজৰ সুৰক্ষাৰ বিষয়টোক সর্বাধিক গুৰুত্ব দিয়া উচিত। 

মঠঘৰীয়াৰ দুর্ঘটনাটোৰ পাছত যিবোৰ কথা জনা গৈছে তাৰ পৰা এটা কথা ধাৰণা কৰিব পাৰি যে তিনিওগৰাকী যুৱতী ভাল পৰিৱেশত ডাঙৰ-দীঘল হোৱা। গতিকে, তেওঁলোকৰ বেয়া উদ্দেশ্য থাকিব পাৰে বুলি ভাবিব পৰা নাযায়। কিন্তু কিবা অজ্ঞাত কাৰণত তেওঁলোক প্ৰৰোচিত হৈছিল মাজনিশা ওলাই যাবলৈ। 'মুক্ত জীৱন' কটোৱা সকলো যুৱতীয়েই কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা পাৰে। গতিকে, সতর্ক হৈ থকা উচিত। আকাংক্ষা, পূজা, নেহাৰ জীৱন অকালতে হেৰাই যোৱাৰ এই ঘটনা নতুন প্ৰজন্মৰ সকলোৰে বাবে এক শিক্ষা হওক। জটিল সমাজ ব্যৱস্থাত নিজৰ জীৱনটোক সুৰক্ষিতভাৱে আগবঢ়াই নিয়াটোও এটা ডাঙৰ সংগ্রাম।

Share This