ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত মীৰাবাঈ চানু 

Rashmi April 16, 2025

ডিজিটেল ডেস্ক : টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুক ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে । 

উল্লেখযোগ্য যে ৩০ বছৰীয়া মীৰাবাঈ চানু অলিম্পিকত পদক বিজয়ী দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক । তেওঁ টকিঅ' অলিম্পিক ২০২০ত মুঠ ২১০ কিলোগ্ৰাম ভাৰোত্তোলন বহন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে মীৰাবাঈ চানুৱে ২০১৮ আৰু ২০২২ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সোণৰ পদক লাভ কৰিছিল । তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ২০২২ চনত ৰূপৰ পদক লাভ কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত ৩ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মীৰাবাঈ চানুৱে।

Share This