৫ বছৰতে দৃষ্টিশক্তি হেৰুৱাই ইউপিএছইত ২০৮ স্থান লাভ কৰা অজিত কুমাৰৰ কাহিনী জানো আহক

Jyoti Borah August 08, 2023

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত হোৱা অন্যতম কঠিন পৰীক্ষা। দৃষ্টিশক্তিহীন এজনৰ বাবে এই পৰীক্ষা আৰু অধিক প্ৰত্যাহ্বানজনক। আজি আমি আপোনালোকক জনাম অজিত কুমাৰ যাদৱৰ বিষয়ে, যিজনে সৰুতে অসুস্থতাৰ বাবে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল, কিন্তু দৃঢ়তা আৰু শক্তিৰে ২০০৮ চনত ২০৮ স্থান লৈ ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷


আই এ এছ বিষয়া অজিত কুমাৰ যাদৱ জন্মৰ পৰা অন্ধ নাছিল, তীব্ৰ ডায়েৰিয়াৰ বাবে ৫ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল।এই যাত্ৰা আই এ এছ বিষয়া অজিত কুমাৰ যাদৱৰ বাবে সহজ নাছিল কাৰণ ইউ পি এছ চি উত্তীৰ্ণ হোৱাৰ পাছতো অসামৰিক সেৱাত স্থান লাভৰ বাবে যুঁজিবলগীয়া হৈছিল।

আই এ এছ বিষয়া অজিত কুমাৰ যাদৱক প্ৰথমে ভাৰতীয় ৰে’লৱে পাৰ্ছনেল চাৰ্ভিচত পদৰ প্ৰস্তাৱ দিয়া হৈছিল। ২০১০ চনত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণৰ অনুকূল ৰায়দানৰ পাছতো তেওঁক আই এ এছৰ পদৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল।

প্ৰতিবন্ধীসকলৰ অধিকাৰৰ ৰাষ্ট্ৰীয় মঞ্চ আৰু ৰাজনীতিবিদ বৃন্দা কাৰাটেই হস্তক্ষেপ কৰাৰ পাছতহে আই এ এছ বিষয়া অজিত কুমাৰ যাদৱক আই এ এছত লৈ পদোন্নতি কৰোঁৱা হয়।আজিৰ দৰে বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰযুক্তি বিকশিত নহ’লেও নব্বৈৰ দশকৰ আৰম্ভণিতে শৈক্ষিক অধ্যয়ন হোৱা আই এ এছ অজিত কুমাৰ যাদৱ সঁচা অৰ্থত কিবা এটা কৰাৰ হেপাঁহ থকা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণা।

Share This