ঋতুস্ৰাৱজনিত স্বাস্থ্যবিধি মহিলাৰ মৌলিক অধিকাৰ, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নির্দেশনা

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক : মহিলাৰ ঋতুস্রাৱজনিত পৰিচ্ছন্নতাৰ সন্দর্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে। দেশৰ সর্বোচ্চ ন্যায়ালয়ে কয় যে ঋতুস্রাৱৰ স্বাস্থ্যবিধি হৈছে মহিলাৰ মৌলিক অধিকাৰ। সংবিধানৰ ২১নং অনুচ্ছেদৰ অধীনত মহিলাৰ ঋতু স্রাৱকালীন স্বাস্থ্যবিধি হৈছে পৰিশীল জীৱন ধাৰণ আৰু গোপনীয়তা ৰক্ষাৰ অধিকাৰ। 

ন্যায়াধীশ জে বি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠে মহিলাৰ ঋতুস্রাৱজনিত স্বাস্থ্যবিধি সন্দর্ভত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ লগতে বিদ্যালয়সমূহলৈ কেতবোৰ নির্দেশনা জাৰি কৰে। ছাত্রী আৰু মহিলাৰ মর্যাদা সুৰক্ষিত কৰাৰ লগতে স্বাস্থ্য সুৰক্ষা আৰু সম-অধিকাৰ প্রদানৰ বাবে এই নির্দেশনাসমূহ জাৰি কৰা হৈছে। 

বিদ্যালয়ৰ ছাত্রীক বিনামূলীয়া 'ছেনিটেৰী পেড' যোগানৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্ন অনাময় ব্যৱস্থা উপলব্ধ কৰাৰ দাবীৰে জনোৱা এখন আৱেদনৰ শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ে দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিদ্যালয়সমূহক ছাত্রীক বিনামূলীয়া জৈৱপচনশীল (বায় 'ডিগ্রেডেবল) ছেনিটেৰী পেড যোগানৰ নির্দেশ দিয়ে। তদুপৰি ছাত্ৰীৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা বাধ্যতামূলক কৰাৰো নির্দেশ দিয়ে।

Share This