গ'ল্ডেন বুটৰ যুঁজত সমানে সমানে মেছি, এমবাপে, হালাণ্ড

dainik janambhumi July 08, 2026

ডিজিটেল ডেস্ক : আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত ফিফা বিশ্বকাপত এইবাৰ কেইবাটাও অঘটন, স্মৰণীয় প্ৰদৰ্শন আৰু এনেকুৱা দুর্দান্ত গ'ল দেখিবলৈ পোৱা গৈছে যিবিলাক ফুটবল প্রেমীয়ে আগতে হয়তো দেখা পোৱা নাছিল। এইবাৰৰ বিশ্বকাপত ভালেমান অভিলেখৰ সৃষ্টি হৈছে। ইয়াৰ ভিতৰত অন্যতম হ'ল একেখন বিশ্বকাপত তিনিটা দলৰ তিনিজন খেলুৱৈয়ে এতিয়ালৈকে সাতটাকৈ গ'ল দিয়াটো। 

আর্জেন্টিনাৰ লায়নেল মেছি, ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ পাছত নৰৱেৰ আৰ্লিং হালাণ্ডেও সাতটা গ'ল দি এই বিৰল অভিলেখৰ সৃষ্টি কৰে। এই তালিকাত আৰু এজন খেলুৱৈৰ নাম সংযোজিত হোৱাৰ সম্ভাৱনাও আছে। এই খেলুৱৈজন হ'ল এতিয়ালৈকে পাঁচখন মেচত ছটা গ'ল দিয়া ইংলেণ্ডৰ হেৰী কেন। মেচি, এমবাপে আৰু হালাণ্ডে সাতটাকৈ গ'ল দি এইবাৰৰ বিশ্বকাপত সর্বাধিক গ'লদাতাৰ গ'ল্ডেন বুট বঁটাৰ যুঁজখন অধিক আকর্ষণীয় কৰি তুলিছে। ইয়াৰ লগতে হেৰী কেন পিছে পিছে গৈ থকাত চাৰিওজনৰ মাজত এখন সুন্দৰ দেখিবলৈও পোৱা গৈছে। মন কৰিবলগীয়া যে সাতটাকৈ গ'ল দিয়া মেচি, এমবাপে আৰু হালাণ্ডৰ লগতে কেনৰ দৰে তাৰকা খেলুৱৈয়ে নক আউট পর্যায়ত দলক সফল কৰি আগুৱাই নিয়াৰ লক্ষ্য লৈছে। বিশ্বকাপৰ গ'ল্ডেন বুটৰ বাবে হোৱা যুঁজখনৰ শেহতীয়া সংযোজন হালাণ্ড। তেওঁ দেওবাৰে পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলৰ বিৰুদ্ধে দুটা গ'ল দি দলৰ বাবে ২-১ গ'লত জয় সু-নিশ্চিত কৰে। তেওঁৰ এই গ'ল দুটাৰ বলত নৰৱেই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। 

উল্লেখযোগ্য যে পূৰ্বৰ কোনো এখন বিশ্বকাপতে তিনিজন খেলুৱৈয়ে সাতটাকৈ গ'ল দিয়া দেখা পোৱা নগৈছিল আৰু ইয়াৰ লগতে একেলগে তিনিজন খেলুৱৈয়ে গ'ল্ডেন বুটৰ বাবে সমানে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটোও বিৰল। এতিয়া চাবলগীয়া দিশটো হ'ল এওঁলোকৰ ভিতৰত কোনজনে গ'ল্ডেন বুট জয় কৰি নহয়, দলকো চেম্পিয়ন কৰে সেইটোহে। এটা কথা ঠিক যে আর্জেন্টিনাই পুনৰ বিশ্বকাপ ঘৰলৈ ওভতাই নিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মেছিয়ে। একেদৰে ফ্ৰান্সৰ প্রধান ভৰসা হ'ল এমবাপে। আনহাতে, নৰৱেই হালাণ্ডক ভৰসা কৰি কিমানদূৰ আগুৱাই যাব পাৰে সেইটোও চাবলগীয়া হ'ব।

Share This