তিনিচুকীয়া মণ্ডলৰ বানপীড়িত ৰে'লপথৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ, ৰে'লৰ চলাচল পুনৰ আৰম্ভ কৰাৰ লক্ষ্য

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : উত্তৰ-পূব সীমান্ত ৰে'লৱেই তিনিচুকীয়া মণ্ডলৰ বানপীড়িত ৰে'ল খণ্ডসমূহত যুদ্ধকালীন তৎপৰতাৰে ব্যাপক পুনৰুদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে, যাতে অতি শীঘ্ৰে স্বাভাৱিক ৰে'ল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যায়। উত্তৰ-পূব সীমান্ত ৰেল'লৱে কৰ্তৃপক্ষই জনোৱা অনুসৰি, ক্ষতিগ্রস্ত সকলো স্থানতে বৃহৎ সংখ্যক কর্মী আৰু অত্যাধুনিক যন্ত্ৰ-পাতি নিয়োগ কৰি দিনে-নিশাই পুনৰুদ্ধাৰ কাৰ্য চলাই থকা হৈছে। শিমলগুৰি-লাকুৱা খণ্ডৰ চেছ সুৰক্ষা আৰু ৰে'লপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম চলি আছে। উক্ত স্থানত ইতিমধ্যে এখন বেলাষ্ট ৰেক স্থাপন কৰা হৈছে আৰু ক্ষতিগ্রস্ত ৰে'লৱে গাঁথনি অধিক শক্তিশালী কৰাৰ অর্থে বাগন যোগে ব'ল্ডাৰ আনল'ডিঙৰ কাম চলি আছে। আনহাতে, শিমলগুৰি-নামতিআলি খণ্ডত ক্ষতিগ্রস্ত অংশত ৰে'লপথৰ ভেটি পুনৰুদ্ধাৰৰ কামৰ সমান্তৰালভাৱে ষ্ট'ন ডাষ্ট আৰু ব'ল্ডাৰ নামনিৰ কামো অবিৰতভাৱে চলি আছে। 

আমগুৰি-চেলেংহাট খণ্ডৰ ক্ষতিগ্রস্ত স্থানসমূহত বালিৰ বেগ, বাঁহৰ পাইলিং আৰু ৰে'ল পাইলিং ব্যৱহাৰ কৰি ৰে'লপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্রুতগতিত চলি আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰে'ল আৰু ব'ল্ডাৰৰ পৰিবহণ আৰু নামনিৰ কামো অবিৰতভাৱে চলি আছে। আনহাতে, শিমলগুৰি-শিৱসাগৰ টাউন খণ্ডৰ বাঁহৰ পাইলিং আৰু চেছ সুৰক্ষাৰ কাম অব্যাহত থকাৰ লগতে বেলাষ্ট নিৰন্তৰভাৱে যোগান ধৰা হৈছে, যাতে ক্ষতিগ্রস্ত ৰে'লপথৰ ভেটি অৱস্থা টনকিয়াল কৰি পুনৰুদ্ধাৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব পৰা যায়। সামগ্রিকভাবে, পুনৰুদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰিবলৈ আক্রান্ত সমগ্র স্থানতে ৭০০তকৈ অধিক শ্ৰমিকৰ লগতে প'ক্লেন, জে চি বি আদি বহুতো গধুৰ যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছে। বালাষ্ট, ব'ল্ডাৰ, বালিৰ বস্তা, ষ্ট'ন ডাষ্ট আৰু ৰে'ল আদি সামগ্ৰী নিৰন্তৰভাৱে পৰিবহণ আৰু ব্যৱহাৰ কৰি ক্ষতিগ্রস্ত ৰে'ল গাঁথনি শক্তিশালী কৰাৰ কাম চলি আছে। 

তিনিচুকীয়া মণ্ডলৰ জ্যেষ্ঠ ৰে'লৱে বিষয়াবৰ্গই পুনৰুদ্ধাৰ কাৰ্য অবিৰতভাৱে পুনৰুদ্ধাৰ কাৰ্য পৰ্যবেক্ষণ কৰি আছে, যাতে সময়মতে সম্পদৰ ব্যৱহাৰ, ফলপ্রসূ সমন্বয় আৰু সুৰক্ষাৰ সকলো মান কঠোৰভাৱে পালন কৰাটো নিশ্চিত হয়। ৰে'ল চলাচল নিৰাপদভাৱে আৰু সম্ভৱপৰ অতি সোনকালে পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে দিনে-নিশাই এই পুনৰুদ্ধাৰ কাৰ্য অব্যাহত থাকিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে যাত্ৰী আৰু ৰে'ল আন্তঃগাঁথনিৰ সুৰক্ষা নিশ্চিত কৰি অতি কম সময়ৰ ভিতৰতে পুনৰুদ্ধাৰ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দৃঢ় প্রতিশ্রুতিবদ্ধ বুলি জানিবলৈ দিছে।

Share This