বিশ্ব কাপত মেছি, ৰ'নাল্ডোৰ বিশ্ব অভিলেখ

dainik janambhumi May 24, 2026

ডিজিটেল ডেস্ক: ফুটবলৰ ইতিহাসৰ দুই অন্যতম আটাইতকৈ মহান খেলুৱৈ আর্জেন্টিনাৰ লায়'নেল মেছি আৰু পৰ্টুগালৰ ক্রিস্টিয়ানো ৰ'নাল্ডোৱে এইবাৰ বিশ্ব কাপৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে জিলিকাবলৈ আগবাঢ়িছে। বৰ্তমান বিশ্বৰ আগশাৰীৰ খেলুৱৈ দুজনৰ নাম ইতিমধ্যে আমেৰিকা, কানাডা আৰু মেক্সিকোত হ'বলগীয়া ফিফা বিশ্ব কাপৰ বাবে নিজ নিজ দেশৰ দলত লোৱা হৈছে। তেওঁলোকে বিশ্ব কাপৰ প্ৰথমখন মেচত খেলিবলৈ লোৱাৰ লগে লগে এক বিৰল অভিলেখ গঢ়িব। একেৰাহে ষষ্ঠখন বিশ্ব কাপত খেলা তেওঁলোক প্রথম খেলুৱৈৰূপে পৰিগণিত হ'ব। 

উল্লেখযোগ্য যে বিশ্ব কাপৰ ইতিহাসত এতিয়ালৈকে কোনো খেলুৱৈয়ে একেৰাহে ছবাৰ মূল ৰাউণ্ডত খেলাৰ নজিৰ নাই। পটুগালে যোৱা মঙলবাবে বিশ্ব কাপৰ বাবে নিজৰ দল ঘোষণা কৰে। এই দলটোত ৪১ বছৰীয়া ৰ'নাল্ডোক স্থান দিয়া হৈছে। ৰ'নাল্ডোৱে পর্তুগালৰ হৈ অভিলেখ সংখ্যক ২২৬খন মেচত খেলিছে। তেওঁ দিয়া আন্তঃৰাষ্ট্ৰীয় গ'লৰ সংখ্যা হ'ল ১৪৩টা। আনহাতে বিগত পাঁচখন বিশ্ব কাপত তেওঁ প্রতিখনতে কমেও এটাকৈ গ'ল দিয়াৰ কৃতিত্বও অর্জন কৰে। 

ৰ'নাল্ডোৰ নেতৃত্ব আৰু প্ৰেৰণাৰে পৰ্টুগালে ২০১৬ চনত উৱেৰা চেম্পিয়নশ্বিপ আৰু দুবাৰ উৱেফা নেশ্যনছ লীগৰ (২০১৯ আৰু ২০২৫) খিতাপ জয় কৰে। অৱশ্যে এতিয়ালৈকে বিশ্ব কাপ জয় কৰিব পৰা নাই। ইফালে আর্জেন্টিনাৰ যাদুকৰ লায়'নেল মেছিয়েও ষষ্ঠবাৰৰ বিশ্ব কাপত খেলিবলৈ সাজু হৈছে। তেওঁ দেশৰ এতিয়ালৈকে ১৯৮খন মেচ খেলাৰ লগতে ১১৬টা আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়ে। তেওঁ দুখন বিশ্ব কাপত (২০১৪ আৰু ২০২৫) সোণালী বল জয় কৰা একমাত্র খেলুৱৈ। মেছিয়ে এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব কাপৰ জয়ৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰিব। সেইটো কৰিব পাৰিলে আর্জেন্টিনা বিশ্বৰ তৃতীয়টো দলৰূপে পৰিগণিত হ'ব। 

উল্লেখযোগ্য যে মেছি আৰু ৰ'নাল্ডোৱে ইতিমধ্যে পাঁচখন বিশ্ব কাপত খেলিছে। একেৰাহে পাঁচখন বিশ্ব কাপত খেলা আন চাৰিজন খেলুৱৈ হ'ল ক্রমে লোথাৰ মথায়ছ (জার্মানি), ৰাফেল মার্কেজ (মেক্সিকো), আন্দ্রেজ গুৱাৰ্ডাডো (মেক্সিকো) আৰু এন্টনিঅ' কার্বাজেল (মেক্সিকো)।

Share This