পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্কঃ গোলকীয় তথ্য প্রযুক্তি কোম্পানী মাইক্ৰ'ছফটে পাকিস্তানত ২৫ বছৰীয়া ইয়াৰ অভিযান বন্ধ কৰিছে। শনিবাৰে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰা হয়। যোৱা কিছু বছৰ ধৰি কোম্পানীটোৱে পাকিস্তানত কৰ্মচাৰী হ্রাস কৰি আনিছিল। 

মাইক্র 'ছফট পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰ প্ৰৱন্ধক জাৱাদ ৰহমানে ছ'চিয়েল মিডিয়া ছাইট 'লিংকডইন'ত এই সন্দৰ্ভত বার্তা প'ষ্ট কৰি এই কথা নিশ্চিত কৰে। পাকিস্তানৰ সংবাদপত্র ডনেও এই বাতৰি প্ৰকাশ কৰে। 

মাইক্ৰ'ছফটৰ এজন মুখপাত্ৰৰ উদ্ধৃতিৰে ডনে কয় যে কোম্পানীটোৰ পাকিস্তানৰ গ্ৰাহকসকলক শক্তিশালী সহযোগী সংগঠনৰ সৈতে মিলি সেৱা আগবঢ়োৱা হ'ব। মুখপাত্রজনে লগতে লিংকডইনত কয় যে পাকিস্তানত মাইক্ৰ'ছফটৰ সেৱা বন্ধৰ পাছত এটা যুগৰ অৱসান ঘটিল। ২০০০ চনৰ জুন মাহত পাকিস্তানত মাইক্ৰ'ছফটৰ সেৱা মুকলি কৰা হৈছিল।

Share This