পৱিত্ৰ ঈদৰ দিনাও ম্রিয়মাণ মধ্যপ্রাচ্য, যুদ্ধজৰ্জৰ অঞ্চলটোত কেৱল গোলা-বাৰুদৰ শব্দ

dainik janambhumi March 21, 2026

ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে অব্যাহত ৰখা যুদ্ধখনে মধ্যপ্রাচ্যৰ দেশসমূহত সেমেকাই তুলিছে ঈদৰ উছাহ। যুদ্ধৰ বিভীষিকাৰ মাজতেই পৱিত্ৰ ৰমজান মাহটো পাৰ হৈ যোৱাৰ পাছত ঈদ-উল-ফিটৰৰ দিনটোতো কিন্তু বসতি প্রধান দেশবোৰৰ মধ্যপ্রাচ্যৰ মুছলমান জনসাধাৰণৰ পূৰ্বৰ আনন্দ-উছাহ দেখা নগ'ল। মধ্যপ্রাচ্যৰ ইৰান, ইৰাক, কুৱেইট, ছৌডি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, জর্দান, য়েমেন, ওমান, ছিৰিয়া, তুৰস্ক, বাহৰেইন আদি দেশ মুছলমান বসতি প্রধান। 

কিন্তু পশ্চিম এছিয়াৰ অগ্নিগর্ভপৰিস্থিতিয়ে এই দেশসমূহৰ জনতাক শংকিত কৰি তুলিছে। ইতিমধ্যে যুদ্ধখনৰ ফলত মধ্যপ্রাচ্যৰ দেশসমূহত চাৰি সহস্রাধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত শিশু, মহিলাও আছে। ইফালে, আহত হৈছে হাজাৰ হাজাৰ লোক। এনে পৰিস্থিতিত ঈদৰ উছাহ ম্লান পৰাটোৱেই স্বাভাৱিক। ইৰানৰ আক্ৰমণৰ আশংকাত ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনে সাধাৰণ জনতাক মুকলি সমূহীয়া নামাজ নপঢ়ি বলৈ নির্দেশ দিছিল। 

ঈদ উপলক্ষে মধ্যপ্রাচ্যৰ বহুকেইখন দেশে চাৰিদিনীয়া বন্ধ ঘোষণা কৰিছে। কিন্তু পূৰ্বৰ জাকজমকতা এইবাৰ ঈদত নাই বুলিব পাৰি। ঈদ উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দেশখনৰ মুছলমান জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Share This