ডিজিটেল ডেস্ক: মধ্য প্রাচ্যত পুনৰ উত্তেজনাই বিৰাজ কৰিছে। দেওবাৰে নিশা ইৰানে ইজৰাইলত কৰা আক্ৰমণৰ পাছত ইজৰাইলেও ইৰানত আক্রমণ কৰে। দুয়োখন দেশৰ মাজত এপ্ৰিলত হোৱা যুদ্ধ-বিৰতিৰ দুমাহৰ পাছত পুনৰ যুদ্ধ আৰম্ভ হয়। এই যুদ্ধই সমগ্র বিশ্বক পুনৰ উদ্বিগ্ন কৰি তুলিছে। মন কৰিবলগীয়া যে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি পায়।
উল্লেখযোগ্য যে ইৰানে দেওবাৰে নিশা ইজৰাইলত বেলেষ্টিক ক্ষেপণাস্ত্র আৰু ড্ৰনেৰে আক্ৰমণ কৰে। ইৰানৰ বিভ'লিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) কয় যে ইজৰাইলে লেবাননত হিজবুল্লাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি এই আক্ৰমণ কৰা হয়। ইৰানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) ইৰানৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰে। ইৰানী বাতৰি প্ৰতিষ্ঠান 'ইৰনা'ৰ মতে তেহৰান, তবৰিজ আৰু ইস্ফাহানত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়।
আই আৰ জি চিয়ে দাবী কৰা মতে, আই ডি এফে আক্রমণত 'এয়াৰ লান্স বেলেষ্টিক' ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰে। আই আৰ জি চিয়ে দক্ষিণ আৰু মধ্য ইজৰাইলক লক্ষ্য কৰি ক্ষেপণাস্ত্র তথা ড্ৰনেৰে কৰা আক্ৰমণত ইজৰাইলৰ অসামৰিক জনবসতিপূর্ণ অঞ্চলবোৰত ব্যাপক ক্ষতি হয় আৰু ভালেমান ঘৰ ধ্বংসপ্রাপ্ত হয়। ইয়াৰ উপৰি ইজৰাইলৰ ৰাজধানী টেল আভিভ, জেরুজালেম, বেষ্ট বেংক আৰু ৰমত ডেভিছৰ দৰে এলেকাতো ইৰানে আক্ৰমণ কৰে।
ৱেষ্ট বেংকত ইজৰাইলে অবৈধভাৱে স্থাপন কৰা জনবসতি অঞ্চলত ব্যাপত ক্ষতি হয় বুলি জনা গৈছে। আই ডি এফে দাবী কৰা মতে, ইৰানে ৩০টাকৈ অধিক বেলেস্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইয়াৰ উপৰি হুথী বিদ্রোহীয়েও য়েমেনৰ পৰা দুটা ক্ষেপণাস্ত্ৰৰে ইজৰাইলত আক্ৰমণ কৰে। ইফালে হিজবুল্লায়ো একে সময়তে ইজৰাইলত আক্ৰমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ দি ইজৰাইলে দুটা পর্যায়ত ইৰানত আক্ৰমণ কৰে। প্ৰথম পৰ্যায়ত ইৰানৰ এয়াৰ ডিফেন্স প্রণালীক লক্ষ্য কৰি লোৱা হয়। দ্বিতীয় পর্যায়ত এটা পেট্র'কেমিকেল প্রকল্পক লক্ষ্য কৰি লোৱা হয়।
ইজৰাইলে দাবী কৰা মতে পেট্র'কেমিকেল প্রকল্পটোত বেলেষ্টিক ক্ষেপণাস্ত্র আৰু আন অস্ত্র নির্মাণত ব্যৱহাৰ কৰা সামগ্ৰী উৎপাদন কৰা হয়। ইজৰাইলে দাবী কৰা মতে, ইৰানৰ ক্ষেপণাস্ত্র আই ডি এফৰ আকাশ প্ৰতিৰক্ষা প্ৰণালী আৰু মার্কিন সেনাই আকাশতে প্রতিহত কৰে। ইফালে আই আৰ জি চিয়ে ইজৰাইলত আক্রমণ বন্ধ কৰা বুলি ঘোষণা কৰি দেশখনক এই বুলি সতৰ্ক কৰি দিয়ে যে ইজৰাইলে প্রতি আক্ৰমণ কৰিলে ভয়াৱহ পৰিণামৰ সন্মুখীন হ'ব।
ইৰানৰ বিদেশ মন্ত্রী ছৈয়দ আব্বাছ অৰাঘছী আৰু সর্বোচ্চ নেতা আয়াতুল্লা মোজতবা খামেনেইৰ উপদেষ্টা মোহছেন ৰেজাইয়ে লেবাননৰ ছিয়া মুছলমান আৰু হিজবুল্লাৰ প্ৰতি সমর্থন প্রকাশ কৰে আৰু কয় যে ইৰানে বাৰম্বাৰ সকীয়নি দি থকা সত্ত্বেও ইজৰাইলে যুদ্ধ-বিৰতি উলংঘা কৰা আৰু লেবাননত আক্ৰমণ কৰি থকাটো সহ্য কৰা নহ'ব। দেওবাৰে নিশা দেশখনক ইয়াৰ প্ৰত্যুত্তৰ দিয়া হৈছে।' ইফালে ইৰানৰ আক্ৰমণৰ পাছতে সমগ্র ইজৰাইলত নাগৰিক সুৰক্ষা ব্যৱস্থা কঠোৰ কৰা হৈছে আৰু মুকলি স্থানত ২০০ বা ততোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে শৈক্ষিক প্রতিষ্ঠান তথা উপকূল বন্ধ কৰি দিয়া হয়। ইজৰাইলে যুদ্ধ-বিৰতিৰ পাছত লেবাননৰ ৰাজধানী বেইৰুটত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি আই আৰ জি চিয়ে দেওবাৰে নিশা এই আক্রমণ কৰে। ইফালে দুয়োপক্ষৰ মাজত যুদ্ধ চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফ'নত বাৰ্তালাপ কৰে।
ট্রাম্পে ইৰানত প্রত্যাক্ৰমণ নকৰিবলৈ নেতান্যাহুক সতর্ক কৰি দিয়ে। ট্রাম্পে নেতান্যাহুক কয় যে ইৰানৰ আক্রমণত কাৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই আৰু সেয়েহে ইয়াৰ প্ৰত্যুত্তৰ দিব নালাগে। নেতান্যাহুৱে ৰাষ্ট্ৰপতি ট্রাম্পৰ কথাও নুশুনিলে আৰু ইৰানত আই ডি এফে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ট্রাম্পে ইৰানৰ সৈতে ভাৰতীয়ক ইৰান ত্যাগ কৰাৰ শান্তি চুক্তিৰ কাষ চপা বুলিও কয় ।