ভাৰতৰ 'দুৱাৰমুখ'ত মধ্য প্রাচ্যৰ যুদ্ধ

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ ছাবমেৰিনে শ্রীলংকাৰ উপকূলৰ মাত্র ৪০ মাইল দূৰত্বত ইৰানৰ যুঁজাৰু জাহাজত আক্ৰমণ কৰাৰ পাছতেই ভাৰতৰ নিৰাপত্তাক লৈ চিন্তা ব্যক্ত কৰিছে দেশৰ প্রধান বিৰোধী দল কংগ্রেছে। কংগ্রেছে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে পশ্চিম এছিয়াৰ যুদ্ধখন ক্রমান্বয়ে 'ভাৰতৰ দুৱাৰমুখ' পাইছেহি। কংগ্ৰেছ দলে 'এক্স'ত দিয়া এটা প'ষ্টত উল্লেখ কৰিছে যে যুদ্ধখন ক্ৰমাৎ ভাৰতৰ ওচৰ চাপি আহিছে আৰু ভাৰতীয় জলসীমাৰ ওচৰতে ইৰানৰ যুদ্ধ জাহাজত আক্রমণ সংঘটিত হোৱাটো দেশৰ প্ৰতি সাৱধানবাণী স্বৰূপ হৈ পৰিছে। কংগ্ৰেছ নেতৃত্বই প্রকাশ কৰে যে ভাৰতৰ অন্যতম কৌশলগত সহযোগী আমেৰিকাই 'ভাৰতৰ দুৱাৰমুখ'ত এনে এটা আক্রমণ সংঘটিত কৰাৰ আগতে নতুন দিল্লীক অৱগত অথবা আলোচনা কৰিব লাগিছিল।

দেশৰ প্ৰধান বিৰোধী দলটোৱে উল্লেখ কৰে যে ইৰানৰ ডুব যোৱা যুদ্ধ জাহাজখনে দুদিনমান পূর্বে আন্তঃৰাষ্ট্ৰীয় এক অনুশীলনত ভাৰতীয় নৌ সেনাৰ লগত ভাগ লৈছিল। ভাৰতীয় জলৰাশি পাৰ হোৱাৰ পাছতেই আমেৰিকাই যুদ্ধ জাহাজখনত আক্রমণ সংঘটিত কৰিছিল। কংগ্রেছে লগতে ভাৰতৰ বৈদেশিক নীতি শক্তিশালী কৰাৰো দাবী জনায়।

ইফালে, আমেৰিকাৰ আক্ৰমণত বুৰ যোৱা ইৰানৰ যুদ্ধ জাহাজ 'আইৰিছ ডেনা'ৰ পৰা উদ্ধাৰ অভিযানৰ বাবে ভাৰতে বৃহস্পতিবাৰে এখন জাহাজ প্ৰেৰণ কৰিছে। ভাৰতীয় নৌসেনাই এই তথ্য প্রকাশ কৰে। নৌসেনাৰ সূত্ৰত প্রকাশ যে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবেই জাহাজখন প্ৰেৰণ কৰা হৈছে।

Share This