ডিজিটেল ডেস্ক : ২০২৬ বৰ্ষৰ শেহতীয়া প্ৰযুক্তিৰ অস্ত্র-শস্ত্র আৰু যুদ্ধ কৌশল পদ্ধতিৰে সমৃদ্ধ হ'ব ভাৰতীয় সামৰিক বাহিনী। যুঁজাৰু জেট, যুঁজাৰু জাহাজ, থলুৱাভাৱে নির্মিত পাৰমাণৱিক শক্তিযুক্ত বেলিষ্টিক মিছাইল, স্থানীয়ভাৱে নির্মিত পৰিবহণ বিমান, ক্ষেপণাস্ত্র, দীর্ঘ ৰেঞ্জৰ ৰকেট, গোলা-বাৰুদেৰে ২০২৬ বর্ষত শক্তিশালী হৈ পৰিব ভাৰতীয় সামৰিক বাহিনী। দেশৰ প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, ভাৰতীয় সোনই 'লাইট কম্বেট এয়াৰক্ৰাফফ্ট' (এল চি এ এম কে-১৩), পাৰমাণৱিক শক্তিযুক্ত বেলিষ্টিক মিছাইল ছাবমেৰিন এৰিডামান, ১৭এ যুঁজাৰু বিমান, ভাৰতত নিৰ্মিত চি-২৯৫ পৰিবহণ বিমান, পৰৱৰ্তী প্ৰজন্মৰ 'ছাৰফেচ টু এয়াৰ' আকাশ মিছাইল আৰু চোৰাংচোৱা নিৰীক্ষণৰ বাবে অত্যাধুনিক ড্র'ন ভাৰতীয় সেনাই ২০২৬ বর্ষত আহৰণ কৰিব।
হিন্দুস্তান এৰ'নটিকছ লিমিটেডে (এইচ এ এল) ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষৰফালে ভাৰতীয় বায়ুসেনাক কমেও পাঁচখন 'লাইট কম্বেট এয়াৰক্রাফট (এল চিএ এম কে-১৩) যোগান ধৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি, বিভিন্ন ভাৰতীয় নির্মাণকাৰী প্রতিষ্ঠানে ১০খন নতুন যুঁজাৰু বিমান সামৰিক বাহিনীক ২০২৬ বর্ষত যোগান ধৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বায়ুসেনাই ইয়াৰ শক্তি বৃদ্ধি কৰিবলৈ ১৮০খন এল চি এ এম কে ১এ যুঁজাৰু জেট ক্ৰয়ৰ বাবে এতিয়ালৈকে ১.১১ লাখ কোটি টকাৰ এখন চুক্তিত স্বাক্ষৰ কৰিছে। আন এটা গুৰুত্বপূর্ণ দিশ হৈছে ২০২৬ চনৰ আৰম্ভণিতে পাৰমাণৱিক শক্তিযুক্ত বেলিষ্টিক মিছাইল ছাবমেৰিন এৰিডামান অন্তর্ভুক্ত হ'ব ভাৰতীয় নৌসেনাত। এই এৰিডামান হ'ব নৌসেনাৰ তৃতীয়খন অৰিহণ্ট শ্ৰেণীৰ ছাবমেৰিন।
পাৰমাণৱিক 'ৱাৰহেড'ৰ সৈতে সজ্জিত ক্ষেপণাস্ত্ৰৰ বাবে এৰিডামান লঞ্চ প্লেটফর্ম হ'ব। আনহাতে, ভাৰতীয় বায়ুসেনাই (আই এ এফ) থলুৱাভাৱে নির্মিত চি-২৯৫ পৰিবহণ বিমান ২০২৬ বৰ্ষত ইয়াৰ শক্তিত অন্তর্ভুক্ত কৰিব। ইয়াৰ বাবে এয়াৰবাছ ডিফেন্স আৰু টাটা এডভান্সড্ ছীষ্টেম লিমিটেডৰ সৈতে আই এ এফে ২১,৯৩৫ কোটি টকাৰ এখন চক্তিত কৰিছে প্রতিবক্ষা মন্ত্র্যালয়ে। ইফালে ২০২৬ বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমখন 'মেড ইন ইণ্ডিয়া' চি-২৯৫ বদোদৰা কাৰখানাৰ নির্মাণকার্য সম্পূর্ণ হ'ব। তদুপৰি, 'তাৰাগিৰি, মহেন্দ্ৰগিৰি, ডুনাগিৰি আৰু বিন্ধগিৰি-১৭এ' যুঁজাৰু জাহাজ ২০২৬ বৰ্ষৰ আগষ্ট-ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাত অন্তর্ভুক্ত হ'ব।