ডিজিটেল ডেস্ক: কভিড-১৯ৰ ৫ বছৰৰ পাছত দেশত লাখ লাখ প্রব্রজিত শ্রমিকে কর্মহীন হৈ মহানগৰসমূহৰ পৰা তেওঁলোকৰ গাঁৱৰ ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হৈছে। মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশত সৃষ্টি হোৱা ইন্ধন সংকটৰ বাবে মহানগৰসমূহত প্রব্রজিত শ্রমিকসকলৰ কৰ্মসংস্থানৰ প্রতি ভাবুকি নামি আহিছে। এইবাৰ নতুন সংকট- 'গেছ নাই, কাম নাই'।
মহানগৰসমূহত মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে সৃষ্টি হোৱা ইন্ধনৰ নাটনিৰ বাবে খাটি খোৱা প্রব্রজিত শ্রমিকসকলৰ হাহাকাৰ অৱস্থা হৈছে। দেশত ৰন্ধন গেছৰ যোগান সংকুচিত আৰু ব্যয়বহুল হোৱাৰ বাবে এই ক্ষেত্রৰে জড়িত কাম লাহে লাহে কমি আহিছে। বিশেষকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম ঊর্ধ্বগামী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বহুতো হোটেল-ৰেস্তোৰাঁ বন্ধ হৈছে।
তদুপৰি, পদপথত ক্ষুদ্ৰ ব্যৱসায় কৰি থকা শ্রমিকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। সেইবাবেই মহামাৰীৰ সময়ৰ দৰে অনুৰূপ ধৰণে সাম্প্রতিক সময়তো লাখ লাখ প্রব্রজিত শ্রমিকে মহানগৰৰ পৰা নিজ গৃহলৈ ঢাপলি মেলিছে। ইয়াৰ ভিতৰত বিহাৰৰ পৰা যোৱা সর্বাধিক প্রব্রজিত শ্রমিকে তেওঁলোকৰ ঘৰলৈ দৈনিক ঘুৰি আহিছে। এল পি জি সংকটৰ বাবে কর্মহীন হৈ ঘৰলৈ ঘূৰি যোৱা বিহাৰৰ প্রৱজিত শ্রমিককেইজনমানে শুকুৰবাৰে পাটনাৰ দানাপুৰ ৰে'লৱে ষ্টেছনত নামিয়ে কয় যে মহানগৰসমূহত এতিয়া গেছ নাই, সেইবাবে কামো নাই। তেওঁলোকৰ হাতত বর্তমান সময়ত কোনো বিকল্প নাই। ইয়াৰ বাবে তেওঁলোকে কাম হেৰুৱাইছে। মহানগৰসমূহত দৈনন্দিন কামত নিয়োজিত হৈ জীৱন নির্বাহ কৰা এই শ্রমিকসকল এতিয়া বিপাঙত পৰিছে।
আনহাতে, ৰন্ধন গেছৰ নাটনিৰ লগতে বহু দিনৰ পাছত লাভ কৰা বাণিজ্যিক গেছটোৰ আকাশলংঘী দাম হোৱাৰ বাবে বিশেষভাৱে প্রভাৱিত হৈছে দৈনিক খাটি খোৱা এই প্রব্রজিত শ্রমিকসকল। আনহাতে, দুই এখন চলি থকা হোটেলত খাদ্যৰ দাম বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্রব্রজিত শ্রমিকসকলে বাহিৰত খোৱাটোও কঠিন হৈ পৰিছে। এজন প্রব্রজিত শ্রমিকে সংবাদ মাধ্যমক অৱগত কৰা মতে, ৰন্ধন গেছৰ সংকটৰ লগতে তেওঁলোকৰ খাদ্যৰো নাটনি হৈছে। কৰ্মস্থলীত তেওঁলোকে ৰন্ধনৰ বাবে খৰি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। কাম নাই, কিমান দিন এনেদৰে চলিব, কোনো বিকল্প কর্মসংস্থাপন নাপাই তেওঁলোকে নিজৰ ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হৈছে।
উল্লেখযোগ্য যে দেশৰ প্রধান মহানগৰসমূহত এতিয়া এই ভয়াৱহ দৃশ্য নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। কভিডৰ সংকটৰ পাছত প্রথমবাৰ এনেধৰণৰ জীৱিকা আৰু জীয়াই থকাৰ প্রত্যাহবান আহিছে প্রব্রজিত শ্রমিকসকলৰ বাবে। মুম্বাইতো অনুৰূপ দৃশ্য। দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা যোৱা প্ৰৱজিত শ্রমিকে কর্মহীন হৈ মুম্বাইৰ পৰা ঢাপলি মেলিছে নিজ গৃহলৈ। উত্তৰ প্রদেশ, বিহাব, পশ্চিম বংগ, উত্তৰ-পূৰ্বাঞ্চলৰ প্রব্রজিত শ্রমিকসকলে কেইবা সপ্তাহৰ পৰা ঘৰলৈ ঘূৰি আহিবলৈ লোকমান্য তিলক ৰে'লৱে ষ্টেছনত দৈনিক ভিব কৰিছে। পঞ্জাবতো অনুৰূপ পৰিস্থিতি। যোৱা দিনবোৰত প্রায় ৫০ হাজাৰ শ্রমিক দিল্লীৰ পৰা পঞ্জাবলৈ ঘূৰি গৈছে। গুজৰাটৰ বস্ত্ৰনগৰী চুৰাটৰ পৰা ইতিমধ্যে প্রায় ১ লাখ প্রব্রজিত শ্রমিক ঘৰমুৱা হৈছে। প্রব্রজিত শ্রমিকসকলে মন্তব্য কৰিছে যে তেওঁলোকৰ চাকৰি বা কাম থাকিলেও ৰন্ধন গেছৰ দাম আকাশলংখী হোৱাৰ বাবে মহানগৰসমূহত তেওঁলোকৰ দৈনন্দিন জীৱন নির্বাহৰ দিশত সংকট নামি আহিছে।