৩ তাৰকাযুক্ত 'কৈলাস ৰেছিডেন্সি' হোটেলৰো গৰাকী মন্ত্ৰী-পত্নী

dainik janambhumi July 06, 2025

ডিজিটেল ডেস্ক : ন-বিজেপিৰ পত্নী কোটিপতি হৈছে, পুৰণি বিজেপিৰ পত্নীয়ে ঘৰত ভাত ৰান্ধি আছে। মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্রয় কৰা হৈছে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই ক্ৰয় কৰা আৰু দখল কৰা মাটি মিলাই মুঠ ১৬১ বিঘা মাটিৰ গৰাকী হৈছে। ইয়াৰে ৮৫ বিঘা চৰকাৰী ভূমি দখল কৰিছে। আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এক সংবাদমেলত শনিবাৰে অখিল গগৈয়ে কয় যে অসমত কপালৰ ঘাম মাটিত পেলাই তিলতিলকৈ বিজেপিৰ ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি, সম্পত্তিৰ পাহাৰ বনাব পৰা নাই। 

কিন্তু ২০১৪ চনত দিল্লীত মোদী চৰকাৰ হোৱাৰ পাছত বিজেপিৰ ভাল দিন দেখি জে'ল যাত্ৰাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাকেইজনৰ পত্নীকেইজনীহে কোটিপতি হৈছে। পুৰণি বিজেপিৰ পত্নীবোৰে ঘৰত ভাত ৰান্ধিয়ে আছে। আনহাতে, মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা কৰাৰ পাছত কালি অখিল গগৈয়ে মন্ত্রী পত্নীগৰাকীৰ নামত গুৱাহাটীৰ মাজমজিয়াত পাঁচ মহলীয়া কেইবা কোটি টকীয়া হোটেলৰ তথ্য ৰাজহুৱা কৰে। বিধায়কজনে হোটেলখনৰ তথ্য প্ৰকাশ কৰি কয় যে হোটেলখনৰ নাম কৈলাস ৰেচিডেন্সি আৰু তিনি তাৰকাযুক্ত এই হোটেলখন গণেশগুৰিৰ বিধায়ক হোষ্টেলৰ পিছফালে আৰ পি ৰ'ডত আছে। উল্লেখযোগ্য যে যোৱা ৪ জুনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানী 'জে এম বি একুৱা এগ্র' প্রাইভেট লিমিটেডে' ৰঙিয়াত একেদিনাই ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয় কৰাৰ তথ্য ফাদিল কৰিছিল। সেই মাটি ২০২৩ চনৰ ২৬ এপ্ৰিলত ক্ৰয় কৰা বুলিও প্রকাশ কৰিছিল। সেইদিনাই জুলি ডেকা বৰুৱাৰ নামত দিছপুৰ ৰাজহ চক্ৰৰ অধীনত জটিয়া ৰাজহ গাঁৱত ২ কঠা ১৮.৭৯ লেচা মাটিও ক্ৰয় কৰা হৈছিল। এই মাটি ক্ৰয় কৰা হৈছিল ৰামেশ্বৰ তালুকদাৰ নামৰ গুৱাহাটীৰ এজন কুখ্যাত মাটিৰ দালালৰ পৰা। সেই ভূমিৰ পট্টা নং ৮২০, দাগ নং ১০৮৩। তাৰ পূৰ্বে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই একেটা দিনতে তেজপুৰত ক্ৰয় কৰিছিল ৩৬ বিঘা মাটি। 

আনহাতে, বিধায়কজনে মন্ত্রী জয়ন্ত মল্লবৰৰুৱাই ৮৫ বিঘা চৰকাৰী ভূমিও বেদখল কৰাৰ গুৰুতৰ অভিযোগ কৰে। তেওঁ এজন মানুহৰ হাতত কিমান টকা থাকিলে একেটা দিনতে প্রায় ৪০ বিঘা মাটি ক্ৰয় কৰাৰ উপৰি গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি প্রশ্ন কৰে। জটিয়া ৰাজহ গাঁৱৰ মাটিখিনিৰ মূল্যই হ'ব কেইবা কোটি টকা। অখিল গগৈয়ে কয় যে দিছপুৰৰ এম এল এ হোষ্টেলৰ পিছফালে এম পি বুক ষ্টলৰ লগতে লাগি থকা এই মাটিতে নিৰ্মাণ কৰা হৈছে তিনি তাৰকাযুক্ত বিলাসী হোটেল কৈলাস ৰেচিডেন্সি। কেইবা কোটি টকীয়া এই হোটেল বিল্ডিঙৰ তলৰ মহলাত ইতিমধ্যে বহুজাতিক কোম্পানী কে এফ চিৰ এটা ফ্রেন্সাইজীও খোলা হৈছে বুলি তেওঁ প্রকাশ কৰে। তেওঁ কয় যে যোৱা ৪ জুনত ৰাইজৰ দলৰ এটা প্রতিনিধি দলে কৈলাস ৰেচিডেন্সি পর্যবেক্ষণ কৰি আহে। বিলাসী হোটেলখনৰ ফটোও সংবাদমেলত ৰাজহুৱা কৰি বিধায়ক অখিল গগৈয়ে প্রশ্ন কৰে যে মন্ত্রী হোৱাৰ পাছতে জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে আলাদিনৰ চাকি লাভ কৰিলে নেকি? আনহাতে, অসমত কপালৰ ঘাম মাটিত পেলাই এঢাপ এঢাপকৈ বিজেপিৰ ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি, সম্পত্তিৰ পাহাৰ বনাব পৰা নাই। কিন্তু ২০১৪ চনত দিল্লীত মোদী চৰকাৰ হোৱাৰ পাছত জে'ললৈ যোৱাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাকেইজনৰ পত্নীকেইজনীহে কোটিপতি হৈছে। পুৰণি বিজেপিৰ পত্নীসকলে এতিয়াও ঘৰত ভাত ৰান্ধিয়ে আছে। তেওঁ প্রতিজন বিজেপি কর্মীকে দুখন ছবি প্ৰদৰ্শন কৰি নিজৰ ঘৰখনৰ কথা মনত পেলাবলৈ আহ্বান জনায়। 

বিধায়ক গগৈয়ে এই পর্যন্ত জয়ন্ত মল্লবৰুৱা আৰু তেওঁৰ পত্নীৰ নামত থকা মুঠ ১৬১ বিঘা মাটিৰ হিচাপ দিয়া বুলি প্রকাশ কৰে। তেওঁ এতিয়ালৈ পোৱা তথ্য অনুসৰি মন্ত্ৰী আৰু মন্ত্ৰীপত্নীৰ মুঠ ১৬১ বিঘা মাটিৰ মাজৰে দখল কৰা ৮৫ বিঘা চৰকাৰী ভূমিও আছে বুলি কয়। কিন্তু পুৰণি বিজেপি কর্মীসকলে মাত্র ১,২৫০ টকাৰ কাৰণে হামৰাও কাঢ়ি আছে বুলিও কটাক্ষ কৰে। বিধায়ক অখিল গগৈয়ে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিভাগত জলজীৱন মিছনৰ হাজাৰ কোটি টকাৰ অনিয়ম হোৱাৰ অভিযোগো কৰে। জলজীৱন মিছনৰ কমিছনৰ টকাৰ ভাগ মন্ত্রীয়ে পায় বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে বিধানসভাত তেওঁ কৰা প্ৰশ্নৰ উত্তৰ অনুসৰি অসমত ২৮,০০০ কোটি টকাৰ জলজীৱন মিছনৰ কাম হৈছে। তাৰে ১৬,০০০ কোটি টকাৰ পেমেণ্ট ইতিমধ্যে ঠিকাদাৰক দিলে আৰু ১২,০০০ কোটি টকাৰ পেমেণ্ট ঠিকাদাৰক দিবলৈ বাকী আছে। এই ২৮,০০০ কোটি টকাৰ কামৰ প্ৰতিটো টকাৰ বিনিময়ত মন্ত্রী বা গার্জেন মিনিষ্টাৰে ৫-ৰ পৰা ১০ শতাংশকৈ কমিছন লয় বুলি অভিযোগ কৰে। ২৮,০০০ হাজাৰ কোটি টকাৰ ১০ শতাংশ কমিছন হ'লে ২৮০০ কোটি টকা হ'বগৈ। ২৮০০ কোটি টকাৰ কমিছন অসমৰ মন্ত্ৰীবিলাকে পাইছে। ৫ শতাংশ ধৰিলেও ১৪০০ কোটি টকা কমিছন লোৱা বুলি তেওঁ অভিযোগ কৰে।

Share This