ঢাকা কঁপালে সংখ্যালঘুৰ প্রতিবাদে, বাংলাদেশত হিন্দু যুৱকক গ্ৰেপ্তাৰ কৰাক লৈ উত্তেজনা

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : সংখ্যলঘু সম্প্ৰদায়ৰ প্ৰতিবাদত শনিবাৰে পুনৰ উত্তাল হয় বাংলাদেশৰ ৰাজপথ। বাংলাদেশৰ ৰাজধানী ঢাকাত নেশ্যনেল প্রেছ ক্লাবৰ বাহিৰত শনিবাৰে বৃহৎ সংখ্যক সংখ্যালঘু নেতাই প্রতিবাদ সাব্যস্ত কৰে। হৰিদাস চন্দ্ৰ তৰণী দাস নামৰ এজন হিন্দু যুৱকক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দি এই প্ৰতিবাদী কার্যসূচী লয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে। 

উল্লেখযোগ্য যে গাইবান্ধা জিলাত ভগৱান ৰামৰ ৮১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম বন্ধ কৰাৰ অজুহাতত হিন্দু যুৱকজনৰ বিৰুদ্ধে বাংলাদেশ চৰকাৰে ধনৰ অবৈধ সৰবৰাহৰ এটা মনে সজা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। বাংলাদেশ হিন্দু-বৌদ্ধ-খ্রীষ্টান ঐক্য পৰিষদৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত হিন্দু-বৌদ্ধ-খ্রীষ্টান সম্প্ৰদায়ৰ নেতাসকলে একেলগে অংশগ্ৰহণ কৰে। 

বাংলাদেশ হিন্দু-বৌদ্ধ-খ্রীষ্টান ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক মমীন্দ্ৰ কুমাৰ নাথে হিন্দু যুৱক হৰিদাসক মনে সজা গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। নাথে কয় যে এই গ্ৰেপ্তাৰে ব্যাপক পৰিসৰত দেশখনত হিংসা হোৱাটো প্ৰতিফলিত কৰিছে। বাংলাদেশত বিনা কাৰণত সংখ্যালঘুৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাটো সহ্য কৰা নহ'ব বুলি নাথে হুংকাৰ দিয়ে।

Share This