ৰাইজৰ দান-বৰঙণিৰে নিৰ্বাচনী ৰণত নামিছে মীৰা বৰঠাকুৰ, এই পর্যন্ত সাহায্যৰ পৰিমাণ হৈছে ৬.৮০ লাখ টকা

dainik janambhumi April 01, 2026

ডিজিটেল ডেস্ক: ৰাইজৰ দান-বৰঙনিৰে নিৰ্বাচনী ৰণত নামিছে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰে। ২০ টকাৰ পৰা ১০ হাজাৰ টকালৈ, নিমখৰ পৰা চাউললৈ সাহায্য লাভ কৰিছে কংগ্ৰেছ প্রার্থীগৰাকীয়ে। কালি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি বৰঠাকুৰে কয় যে তেওঁ নিবিচৰাকৈ বিভিন্ন লোকে আগবঢ়োৱা সাহায্যৰ পৰিমাণ হৈছেগৈ ৬.৮০ লাখ টকা। 


জুবিন গার্গে ন্যায় পাবনে? বিধানসভাত জ্বলন্ত বিষয়সমূহ উত্থাপন কৰিবনে বুলি মানুহে তেওঁক প্রশ্ন কৰিছে ।বৰঠাকুৰে কয় যে বিধানসভাত এই বিষয়বোৰ উত্থাপন কৰিবলৈ এবাৰ তেওঁক ৰাস্তা খুলি দিয়ক। লোক সভা নিৰ্বাচনৰ সময়ত দলৰ সভাপতি ভূপেন বৰাই ঋণাত্মক ভূমিকা লৈছিল। সভাপতি হৈয়ো ভূপেন বৰাই সেই সময়ত কৈছিল মীৰা বৰঠাকুৰৰ পইচা নাই বাবে নিৰ্বাচনী প্ৰচাৰৰ পৰা বহি দিলে। প্রিয়ংকা গান্ধী নির্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব নালাগে। প্রিয়ংকা গান্ধী আহিলে অযথা পইচা খৰচ হ'ব। স্বয়ং সভাপতিয়ে ভোট গ্রহণৰ আগে আগে এনে ঋণাত্মক প্ৰচাৰ কৰিছিল। ভূপেন বৰাই এতিয়া নিজেই কৈছে কংগ্রেছত থাকি বিজেপিৰ হৈ কাম কৰা এক নম্বৰৰ মানুহ আছিল বুলি। 

বৰঠাকুৰে কয় যে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিছপুৰত এতিয়ালৈ দুবাৰ প্ৰচাৰ চলাইছে। তেওঁ আকৌ প্ৰচাৰলৈ আহিব বুলি কৈছে। প্রিয়ংকা গান্ধী, ভূপেশ বাঘেল, ডি কে শিৱকুমাৰ আদি নেতাসকল প্ৰচাৰলৈ আহিব। ৰাজ্যখনলৈ ভাল দিন আনিবলৈ, গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ কংগ্ৰেছক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় কংগ্ৰেছৰ প্রার্থীগৰাকীয়ে। বিজেপিৰ প্ৰাৰ্থী প্রদ্যুৎ বৰদলৈৰ দৰে তেওঁৰ বহু টকা-পইচা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে ৰাইজে তেওঁ নিবিচৰাকৈ আর্থিক সাহায্য আগবঢ়াইছে। তেওঁক ভালপোৱা, বিশ্বাস আৰু আস্থা থকা বহু লোকে টকা-পইচাৰে সহায় কৰিব পৰা নাই বাবে কোনোবাই চাউল দিছে, কোনোবাই - নিমখৰ ৭টা পেকেট দি সহযোগ কৰিছে বুলিও তেওঁ কয়।

Share This