ডিজিটেল ডেস্ক : 'মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এগৰাকী 'বিশ্বাসযোগ্য' ৰাজনৈতিক নেতা। আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী বাঙালী হিন্দু সম্প্রদায়ৰ বাবে ভাবুকি।'- এই মন্তব্য বলিউডৰ ছুপাৰষ্টাৰ অভিনেতা, দাদাচাহেব ফাল্কে বঁটা বিজয়ী তথা অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা মিঠুন চক্ৰৱৰ্তীৰ। শুকুৰবাৰে শিলচৰত সাংবাদিকৰে সৈতে মুখামুখি হৈ মিঠুন চক্ৰৱৰ্তীয়ে কয় যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী ৰাজনৈতিক নেতা। ড° হিমন্ত বিশ্ব শৰ্মাৰ মেৰুদণ্ড অতি শক্তিশালী। তেওঁ এজন মহান মুখ্যমন্ত্রী। তেওঁৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে।
উল্লেখযোগ্য যে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ বৰাক সাংস্কৃতিক মহোৎসৱত অংশগ্রহণ কৰিবলৈ আজি শিলচৰত উপস্থিত হয় ছুপাৰষ্টাৰ মিঠুন চক্ৰৱৰ্তী। আজি পুৱা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত ছুপাৰষ্টাৰ অভিনেতা মিঠুন চক্ৰৱৰ্তীক এ ভি বি পিৰ কৰ্মকৰ্তাই আদৰণি জনায়। বিয়লি অম্বিকাপট্টীৰ ষ্টাৰ হোটেল বৰাক হোমত সাংবাদিকক সম্বোধন কৰি অভিনেতাজনে কয় যে অসমৰ সংস্কৃতি চহকী আৰু বৈচিত্র্যময়। কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ সংস্কৃতি চহকী আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবেও পৰিচিত। বঙালী সংস্কৃতিয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি নিজৰ পৰম্পৰা অব্যাহত ৰাখিছে।
তেওঁ লগতে কয় যে তেওঁ আগতেও শিলচৰলৈ আহিছিল। অৱশ্যে তেতিয়া তেওঁ খুব কম সময়ৰ বাবে আহিছিল। এইবাৰ বেছি সময়ৰ বাবে আহিছে। আজিৰ যুৱক-যুৱতীসকলক সম্বোধন কৰি তেওঁ কয় যে আমি বাস্তৱৰ পৰা শিকিব লাগিব আৰু সেই শিক্ষা আহৰণ কৰি আমি আগবাঢ়ি যাব লাগিব। মিঠুন চক্ৰৱৰ্তীয়ে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত পশ্চিম বংগত সংঘটিত ঘটনাক গৰিহণা দিয়ে। বংগত ৱাকফৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে মমতা বেনাৰ্জীক দোষাৰোপ কৰে। তেওঁ কয় যে মমতা ৰাজ্যখনৰ হিন্দুসকলৰ বাবে ভাবুকিস্বৰূপ। তেওঁ তৃণমূলৰ নেত্ৰীক হিন্দুৰ বিৰুদ্ধে সাম্প্রদায়িক উত্তেজনা সৃষ্টিৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ বংগত অশান্তিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৱাকফ আইনৰ স্থিতিৰে মুছলমানক বিপথে পৰিচালিত কৰাৰ কথাও উল্লেখ কৰে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয় যে তেওঁ পূর্বে তৃণমূল কংগ্ৰেছৰ সদস্য আছিল। বর্তমান বিজেপিত। তৃণমূল কংগ্রেছ ত্যাগ কৰাৰ একমাত্ৰ কাৰণ হৈছে প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু বৰ্তমানৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মাজত সামাজিক আৰু নীতিগত পৰিৱৰ্তন ঘটিছে।
বৰ্তমানৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ কাম-কাজ তেওঁ ভাল নাপায়। সেয়ে তেওঁ তৃণমূল কংগ্ৰেছ এৰি গেৰুৱা দলত যোগদান কৰিছে। ছুপাৰষ্টাৰজনে পুনৰ কয় যে বৰ্তমান তেওঁৰ তিনিখন ছবিৰ শ্বুটিং চলি আছে। কালি শিলচৰত তেওঁ গ্ৰহণ কৰা দুপৰীয়াৰ আহাৰৰো প্ৰশংসা কৰে।