ডিজিটেল ডেস্ক : মাৰাঠী ভাষাৰ স্বাৰ্থত মহাৰাষ্ট্ৰত বিৰোধী দলসমূহ, বিশেষকৈ শিৱ সেনা (উদ্ধৱ) আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এম এন এছ) একলগ হোৱাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত এম এন এছৰ কৰ্মীয়ে বিভিন্ন হিংসাত্মক কার্যকলাপত লিপ্ত হৈছে। বুধবাৰে এম এন এছৰ কৰ্মীয়ে মহাৰাষ্ট্ৰৰ ৱাছিমত থকা টণ্ডগাঁও টোলগে'ট লণ্ডভণ্ড কৰে।
টোলগে'টটো ব্যৱহাৰযোগ্য নোহোৱা সত্ত্বেও গেটটোত টোল কৰ লোৱা কাৰ্যক বিৰোধিতা কৰি ৱাছিমৰ টোলগে'টটো লণ্ডভণ্ড কৰে এম এন এছৰ কৰ্মীয়ে। আনহাতে মহাৰাষ্ট্ৰত মাৰাঠী নোকোৱাৰ বাবে এজন ব্যৱসায়ীক মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সমিতিৰ (এম এন এছ) সদস্যসকলে আক্ৰমণ কৰাৰ পাছত সমগ্ৰ ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছিল।
ইয়াৰ মাজতে মঙলবাৰে থানে জিলাৰ মীৰা ভয়ন্দৰ এলেকাত মাৰাঠী ভাষাৰ গৌৰৱ ৰক্ষাৰ বাবে এম এন এছৰ সদস্য আৰু কিছুমান সামাজিক সংগঠনৰ শতাধিক লোকে এটা প্রতিবাদী সমদল কাৰ্যসূচীৰ আয়োজন কৰে। এই প্রতিবাদী কাৰ্যসূচীত শিৱ সেনা (উদ্ধৱ) আৰু এন চি পি (শাৰদ)ৰ কৰ্মীসকলেও অংশগ্রহণ কৰে। এই প্রতিবাদী কাৰ্যসূচী তীব্ৰতৰ হোৱাৰ সময়তে আৰক্ষীয়ে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে। ইপিনে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছে কয় যে এই প্রতিবাদৰ কাৰ্যসূচীৰ বাবে প্রশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱা নাছিল কর্মকর্তাসকলে। আনহাতে, আইন-শৃংখলা পৰিস্থিতি অৱনতি হোৱাৰ আশংকা কৰি প্ৰতিবাদী সমদল উলিওৱাৰ বাবে আৰক্ষীয়ে অনুমতি দিয়া নাছিল বুলিহে জানিব পৰা গৈছে। ইফালে, বিভিন্ন চৰকাৰী বাধা সত্ত্বেও প্রতিবাদকাৰীয়ে প্ৰস্তাৱিত পথেদি সমদলটো পাৰ কৰি নিয়ে।