একেখন গাড়ীত উঠি হোটেললৈ ৰাওনা মোদী-পুটিন, টিয়ানজিনত দুই প্ৰভাৱশালী নেতাৰ ঘনিষ্ঠতাৰ ব্যতিক্ৰম দৃশ্য

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্ক : চীনত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংগঠনত সোমবাৰে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বই সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰে। শীর্ষ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ঘনিষ্ঠতাই নিশ্চয়কৈ শুল্কৰ দম্ভালিৰে বিশ্বত আধিপত্য বিস্তাৰ কৰিবলৈ বিচৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পকো উদ্বিগ্ন কৰিব। উল্লেখযোগ্য যে আজি প্রধানমন্ত্রী আৰু পুটিন একেখন গাড়ীত উঠি শীর্ষ সম্মিলনৰ স্থানৰ পৰা হোটেললৈ যায়। ৰাষ্ট্ৰপতি পুটিনে প্রধানমন্ত্রী মোদীৰ বাবে প্রায় ১০ মিনিট অপেক্ষা কৰে। ইয়াৰ পাছত দুয়ো একেখন গাড়ীতে উঠি ৰাওনা হয়। 

সেই সময়ত নেতা দুজনে প্রায় ৪০ মিনিট সময় গোপনীয়তাৰে আলোচনা কৰে। দুয়ো একেলগে গাড়ীত উঠি যোৱাৰ ফটো প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমতো প্রকাশ কৰে। উল্লেখযোগ্য যে শীর্ষ সম্মিলমত প্রধানমন্ত্রীক দেখাৰ লগে লগে পুটিনে তেওঁক আলিংগন কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কয়, 'আপোনাক লগ পালে সদায় সন্তোষ পাওঁ।' উল্লেখযোগ্য যে শীর্ষ সন্মিলনৰ সামৰণিৰ পাছত পুটিনে প্রধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰাৰ বাবে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু পুটিনে মোদীৰ লগতে যাবলৈ ইচ্ছা কৰিলে। সেয়েহে তেওঁ মোদীৰ বাবে দহ মিনিট অপেক্ষা কৰে। পাছত গাড়ীত দুয়োজন নেতাই প্রায় ৪৫ মিনিট আলোচনা কৰে। এই বিষয়ে জনাই প্রধানমন্ত্রীয়ে কয়, 'এছ চি অ' শীর্ষ সন্মিলন শেষ হোৱাৰ পাছত পুটিন আৰু মই একেলগে দ্বিপাক্ষিক আলোচনাৰ বাবে ৰাওনা হওঁ। তেওঁৰ লগত কথা পতাটো সদায় জ্ঞানবর্ধক হয়।' প্রধানমন্ত্রীয়ে লগতে কয়, 'টিয়ানজিনত এছ ছি অ' শীর্ষ সন্মিলনত পুটিনৰ সৈতে সাক্ষাৎ অতি সুন্দৰ আছিল। আমি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে বাণিজ্য, সাৰ, মহাকাশ, সুৰক্ষা আৰু সংস্কৃতিক লৈ আলোচনা কৰোঁ। আমি ইউক্রেইনত শান্তি বাহাল কৰাৰ পৰা আৰম্ভ কৰি স্থানীয় আৰু বিশ্ব পৰ্যায়ৰ ভালেমান বিষয়ক লৈ আলোচনা কৰোঁ। দুয়োখন দেশৰ বিশেষ আৰু কৌশলগত সহযোগিতা বিশ্বৰ সুস্থিৰতাৰ বাবে গুৰুত্বপূৰ্ণ।' 

উল্লেখযোগ্য যে মোদীয়ে পুটিনক ব্যৱহাৰ কৰিবলৈ দিয়া অৰাছ লিম'জিন গাড়ীত তেওঁৰ সৈতে পৰস্পৰৰ লগত প্রত্যক্ষভাৱে আলোচনা কৰে। ইফালে হোটেলত উপস্থিত হোৱাৰ পাছতো তেওঁলোকৰ গাড়ীৰ পৰা নমা নাছিল আৰু কিছু সময় দুয়ো আলেচান কৰে। পাছত ক্রেমলিনৰ মুখপাত্র এজনে প্ৰকাশ কৰা মতে, নেতা দুজনে গাড়ীত বহি প্রায় এঘণ্টা কথা পাতে।

Share This