ডিজিটেল ডেস্ক : তিনিখন দেশৰ ভ্ৰমণসূচীৰ প্ৰথম পর্যায়ত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়াত উপস্থিত হয়। প্রধানমন্ত্ৰীক বিমান বন্দৰত দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবৱ' সুব্রিয়ান্তোৱে বিমান বন্দৰত আদৰণি জনায়। প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে বিমান বন্দৰত দেশখনৰ চাৰিজন মন্ত্ৰীও উপস্থিত আছিল। প্রধানমন্ত্রীয়ে তৃতীয়বাৰলৈ দেশখন ভ্রমণ কৰে। তেওঁক দেশখনত পৰম্পৰাগতভাৱে আদৰণি জনোৱাৰ লগতে গার্ড অব অনাৰো দিয়া হয়।
জার্কাটাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ বিমান ইণ্ডোনেছিয়াৰ আকাশীয় সীমাত প্ৰৱেশ কৰাৰ লগে লগে দেশখনৰ বায়ু সেনাৰ দুখন যুঁজাৰু বিমান-এফ-১৬ আৰু ছুখয়-৩০ বিমানেৰে এছকর্ট দি আগুৱাই নিয়ে। ইণ্ডোনেছিয়াৰ পৰা প্রধানমন্ত্রী অষ্ট্ৰেলিয়া আৰু অন্তিম পর্যায়ত নিউজিলেণ্ডলৈ যাব।
ইফালে প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'জাকার্টাত উপস্থিত হৈছোঁ। বিমান বন্দৰত ৰাষ্ট্ৰপতি প্রবৱ' সুব্রিয়ান্তোৱে আদৰণি জনাই প্ৰকাশ কৰা সম্ভাৱনাক লৈ মই যথেষ্ট প্রভাৱিত হৈছোঁ। ২০১৮ চনত ইণ্ডোনেছিয়াত মোৰ প্ৰথমটো ভ্ৰমণৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াই নিজৰ দ্বি-পাক্ষিক সম্পর্কক ব্যাপক কৌশলগত সহযোগিতাৰ দিশে আগবঢ়াই নিয়ে। ইয়াৰ জৰিয়তে আমাৰ লোকসকল লাভৱান হৈছে।' প্রধানমন্ত্রীয়ে লগতে কয় যে তেওঁ ৰাষ্ট্ৰপতি সুব্রিয়ান্তোৰ সৈতে আলোচনা কৰিব আৰু ইয়াৰ উদ্দেশ্য হ'ল বিভিন্ন খণ্ডত এই সহযোগিতাক অধিক আগবঢ়াই নিয়া। ইফালে দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও প্রধানমন্ত্রীক যথেষ্ট উৎসাহেৰে আদৰণি জনায়। প্রধানমন্ত্রী উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে 'ভাৰত মাতা কি জয়' আৰু মোদী মোদী ধ্বনিৰে তেওঁক আদৰণি জনায়। প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি সুবিয়ান্তোৰ সৈতে কৰিবলগীয়া আলোচনাত প্ৰতিৰক্ষা আৰু সামুদ্রিক সহযোগিতা আগবঢ়াই নিয়াৰ দৰে বিষয়ে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে।