ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ত্রিদেশীয় ভ্রমণসূচীৰে সোমবাৰে জর্ডানৰ আম্মানত উপস্থিত হয়। জর্ডানৰ প্ৰধানমন্ত্ৰী ড° জাফৰ হাচানে মোদীক বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়। মোদীয়ে বিমান বন্দৰত জনোৱা আদৰণিৰ বাবে জাফৰ হাচানক ধন্যবাদ জ্ঞাপন কৰে।
মোদীয়ে কয় যে এই ভ্রমণে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পর্কক অধিক দৃঢ় কৰি তুলিব বুলি তেওঁ নিশ্চিত। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মোদীয়ে জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমর্মে দেশখন ভ্রমণ কৰিছে। প্রধানমন্ত্রীয়ে জর্ডানৰ ৰজাৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে অন্যান্য আঞ্চলিক বিষয়ত মত বিনিময় কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্কই এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জর্ডানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্ক আছে আৰু ভাৰত হৈছে জর্ডানৰ তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ।
ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী মঙলবাৰে ইথিওপিয়ালৈ যাব। এয়া হ'ব তেওঁৰ প্ৰথমটো ইথিওপিয়া ভ্রমণ। মোদীয়ে ইথিওপিয়াৰ প্রধানমন্ত্রী ড° এ বি আহমেদ আলীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্রী মোদী ১৭ ডিচেম্বৰত ওমানলৈ যাব আৰু তাত তেওঁ ছুলতান হেইম ইবন তাৰিকক সাক্ষাৎ কৰিব। ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।